• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam-Mizoram Border : মিজোৰাম সীমান্তত ২,০০০ কমাণ্ডো মোতায়েনৰ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ৷ হাইলাকান্দি, কাছাৰ, কৰিমগঞ্জত ৩টা বেটেলিয়ন।

Assam-Mizoram Border : মিজোৰাম সীমান্তত ২,০০০ কমাণ্ডো মোতায়েনৰ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ৷ হাইলাকান্দি, কাছাৰ, কৰিমগঞ্জত ৩টা বেটেলিয়ন।

মিজোৰাম (Mizoram)ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয় (Supreme Court)ৰ দ্বাৰস্থ হ'ব অসম চৰকাৰ (Assam Govt)। এই মন্তব্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে সীমান্তৰ ভূমি অসমৰ বনাঞ্চলৰ ভূমি আৰু ইয়াত কোনো আবাদীৰ ব্যৱস্থা কৰা নহয়।

  • Share this:
সোমবাৰে মিজোৰাম (Mizoram)ৰ আক্ৰমণৰ পিছতে সীমান্ত সুৰক্ষিত কৰিবলৈ অধিক কঠোৰ পদক্ষেপৰ ঘোষণা কৰিছেে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই। মিজোৰাম সীমান্তত ২,০০০ কমাণ্ডো মোতায়েনৰ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ৷ আজি এক সংবাদমেলত এই কথা ঘোযণা কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে  "আমি আমাৰ সীমান্ত ৰক্ষা কৰিমেই। অসমৰ এক ইঞ্চিও ভূমিও কোনেও কাঢ়ি নিব নোৱাৰে। আমাৰ সীমা সুৰক্ষিত কৰিবলৈ হাইলাকান্দি, কাছাৰ আৰু কৰিমগঞ্জত তিনিটা বেটেলিয়ন স্থাপন কৰিব অসম চৰকাৰে ।"

ইয়াৰ লগতে সমগ্ৰ বিষয়টোকলৈ মিজোৰামৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয় (Supreme Court)ৰ দ্বাৰস্থ হ'ব অসম চৰকাৰ। এই মন্তব্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে সীমান্তৰ ভূমি অসমৰ বনাঞ্চলৰ ভূমি (Forest Land) আৰু ইয়াত কোনো আবাদীৰ ব্যৱস্থা কৰা নহয়। ছেটেলাইটৰ ছবি চালেই গম পাব যে ক'ত ক'ত দখল হৈ আছে। মিজোৰামে অসমৰ এলেকা দখল কৰা বুলি দৃঢ়তাৰে মন্তব্য কৰি ইয়াৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিব বুলি কয় হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ লগতে কয় যে মিজৰামৰ সাধাৰণ লোকৰ হাতত অস্ত্ৰ-শস্ত্ৰ (Arms) ক'ৰ পৰা আহিল সেই বিষয়ে অনুসন্ধান কৰিব অসম আৰক্ষীয়ে।

তেওঁ লগতে ইয়াকো কয় যে এইয়া কোনো দুটা ৰাজনৈতিক দলৰ বিবাদ নহয়। এই সীমা বিবাদ বহু পুৰণি আৰু আনকি দুইখন ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ  থকাৰ সময়তো এই বিবাদ হৈছিল।
Published by:Manjumoni Borah
First published: