মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Assam Weather Forecast: কাতি বিহুৱেই পালেহি, কিন্তু কমা নাই গৰমৰ প্ৰকোপ! অক্টোবৰ মাহৰ গৰমে ভংগ কৰিলে অভিলেখ!

Assam Weather Forecast: কাতি বিহুৱেই পালেহি, কিন্তু কমা নাই গৰমৰ প্ৰকোপ! অক্টোবৰ মাহৰ গৰমে ভংগ কৰিলে অভিলেখ!

News18 Assam | News18-Assam
Updated:October 14, 2021, 4:51 PM IST
Assam Weather Forecast: কাতি বিহুৱেই পালেহি, কিন্তু কমা নাই গৰমৰ প্ৰকোপ! অক্টোবৰ মাহৰ গৰমে ভংগ কৰিলে অভিলেখ!
সোমবাৰৰ পৰা বৃহস্পতিবাৰৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে।

সোমবাৰৰ পৰা বৃহস্পতিবাৰৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে।

  • Share this:
আহিন শেষ হৈ কাতি মাহ সোমাবৰ হ'ল, কিন্তু এতিয়াও কমা নাই গৰমৰ প্ৰকোপ। বাহিৰলৈ ওলাব নোৱাৰি, সূৰ্য দেৱতাৰ খাও খাও ৰূপ। ৰ'দৰ প্ৰকোপৰ ফলত এতিয়া দিনৰ ভাগত নাই পূজা মণ্ডপক বিশেষ ভিৰ! পিছে কেতিয়া আহিব শীত? এতিয় সকলোৰে মনলৈ আহিছে এই প্ৰশ্ন...

কালিৰ দিনটোৰ তাপমাত্ৰাই অক্টোবৰ মাহৰ সৰ্বকালৰ সৰ্বোচ্ছ তাপমাত্ৰাৰ ৰেকৰ্ড ভংগ কৰিছে। বুধবাৰৰ দিনটোত ডিব্ৰুগড়ত ৩৬.৮ ডিগ্ৰী চেলছিয়াচ হোৱাৰ বিপৰীতে গুৱাহাটী মহানগৰীত তাপমাত্ৰা ৩৭.১ ডিগ্ৰী চেলছিয়াচ হৈছেগৈ।

বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, অহা দেওবাৰ পৰ্যন্ত বৰষুণ হোৱাৰ কোনো ধৰণৰ সম্ভাৱনা নাই। শনিবাৰ পৰ্যন্ত ৰাজ্যত সৰ্বোচ্ছ তাপমাত্ৰাই ৩৭ ডিগ্ৰী চেলচিয়াছৰ ঘৰ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে।

কিন্তু অহা দেওবাৰৰ পৰা কিছু সেমেকিব বতৰ। সোমবাৰৰ পৰা বৃহস্পতিবাৰৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। আৰু সেই বৰষুণেই শীতৰ আগজাননী দিব পাৰে ৰাজ্যবাসীক!
Published by: Himangshu Bhuyan
First published: October 14, 2021, 4:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি