শেহতীয়াকৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যই অধিক চিন্তাত পেলাইছে ৰাজ্যবাসীক।
শেহতীয়াকৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যই অধিক চিন্তাত পেলাইছে ৰাজ্যবাসীক।
ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। পিছে এইবাৰ বিহুৰ প্ৰাকক্ষণত বতৰে দিছে বিধি পথালি। চিন্তাত পৰিছে গ্ৰামাঞ্চলত বাসকৰা অসমীয়া। ৰ'দ নাই, গতিকে শুকোৱাৰ পৰা নাই ভঁৰালত থকা বৰাধানকেইটা! ধান ৰ'দত নিদিলে চাউল খুন্দিব কিদৰে, পিঠা কেনেকৈ বনাব!
কিন্তু শেহতীয়াকৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যই অধিক চিন্তাত পেলাইছে ৰাজ্যবাসীক। আগন্তুক ব'হাগ বিহুলৈকে ৰাজ্যত নাই বৰষুণ হ্ৰাস পোৱাৰ সম্ভাৱনা। বৃহস্পতিবাৰে বতৰ কিছু ফৰকাল দেখা যাব যদিও অহা শুকুৰবাৰৰ পৰা দেওবাৰলৈকে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা।
শুকুৰবাৰৰ পৰা গুৱাহাটী মহানগৰীত সৰ্বোচ্চ তাপমাত্ৰ ২৮ ডিগ্ৰী হোৱাৰ বিপৰীতে সৰ্বনিম্ন ২০ ডিগ্ৰীলৈকে নমাৰ সম্ভাৱনা আছে। ৰাজ্যৰ আন জিলাসমূহৰ ক্ষেত্ৰতো একেই। মুঠতে এইবাৰ বিহুত বৰষুণ হোৱাৰ আগজাননী দিলে বতৰ বিজ্ঞান কেন্দ্ৰই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|