উৎকট গৰমে দহিছে ৰাজ্যৰ লগতে মহানগৰীবাসীক। আজি ২৪ ঘণ্টাৰ ভিতৰত অসমৰ কিছু কিছু ঠাইত গৰমৰ পৰা কিছু পৰিত্ৰাণ পাব। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, আজি ২৪ ঘণ্টাৰ ভিতৰত অসমৰ কিছু কিছু ঠাইত ধাৰাসাৰ বৰষুণ হোৱাৰ উপৰিও কিছু ঠাইত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই বৰষুণৰ ফলত গৰমৰ পৰা কিছু সকাহ পাব জনসাধাৰণে। তদুপৰি, আজি অসমৰ প্ৰান্তে প্ৰান্তে বিজুলী ধেৰেকেনি হোৱাৰ সম্ভাৱনা আছে।