মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Weather : ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ লগতে ধুমুহাৰ সতৰ্কবাণী, Yellow Alert জাৰি

Assam Weather : ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ লগতে ধুমুহাৰ সতৰ্কবাণী, Yellow Alert জাৰি

বজ্ৰপাতত কালি ৪গৰাকী লোকৰ মৃত্যু হৈছিল ৰাজ্যত।

বজ্ৰপাতত কালি ৪গৰাকী লোকৰ মৃত্যু হৈছিল ৰাজ্যত।

বজ্ৰপাতত কালি ৪গৰাকী লোকৰ মৃত্যু হৈছিল ৰাজ্যত।

  • Share this:
অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ কিছু ঠাইত প্ৰবল বৃষ্টিপাতৰ লগতে ধুমুহাৰ সতৰ্কবাণী বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ। সমগ্ৰ অসমত Yellow Alert জাৰি বৰঝাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ।

বতৰ বিজ্ঞান কেন্দ্ৰই শিৱসাগৰ, ওদালগুৰি আৰু ধেমাজিৰ বাদে আজি প্ৰায় সকলো জিলাৰ কিছু ঠাইত বৰষুণ, বজ্ৰপাত আৰু ধুমুহাৰ সতৰ্কবাণী জাৰি কৰে। ধুমুহা ঘন্টাত ৩০ৰ পৰা ৪০ কিঃমিঃ বেগত অহাৰ আশংকা প্ৰকাশ কৰা হৈছে।

ইয়াৰ লগতে ঠাই বিশেষে শিলাবৃষ্টিৰো আশংকা থকা বুলি জানিবলৈ দিয়ে বতৰ বিজ্ঞান কেন্দ্ৰই। উল্লেখ্য, পৰহিৰ পৰা ৰাজ্যৰ ভিন্নপ্ৰান্তত ধুমুহা-শিলাবৃষ্টিৰ লগতে বিজুলী-ঢেৰেকনি প্ৰত্যক্ষ কৰা গৈছে। বজ্ৰপাতত কালি ৪গৰাকী লোকৰ মৃত্যু হৈছিল ৰাজ্যত।

শেহতীয়া বাতৰি