মুখ্যপৃষ্ঠা »খবৰ »অসম »বিতৰ্কৰ পিছতো ইখনৰ পিছত সিখন পূজা, সভা মহোৎসৱত কৰিশ্মা নাথৰ নাগাৰা নাম অব্যাহত ...

বিতৰ্কৰ পিছতো ইখনৰ পিছত সিখন পূজা, সভা মহোৎসৱত কৰিশ্মা নাথৰ নাগাৰা নাম অব্যাহত ...

নলবাৰীৰ বৰকুৰিহা গংগাপুখুৰী বাসন্তী পূজাত কৰিশ্মা নাথৰ অনুষ্ঠানত সহাস্ৰাধিক লোকৰ সমাগম । পে পে নাগাৰা নাম চাবলৈ ওলাই আহিল সকলো ।

নলবাৰীৰ বৰকুৰিহা গংগাপুখুৰী বাসন্তী পূজাত কৰিশ্মা নাথৰ অনুষ্ঠানত সহাস্ৰাধিক লোকৰ সমাগম । পে পে নাগাৰা নাম চাবলৈ ওলাই আহিল সকলো ।

নলবাৰীৰ বৰকুৰিহা গংগাপুখুৰী বাসন্তী পূজাত কৰিশ্মা নাথৰ অনুষ্ঠানত সহাস্ৰাধিক লোকৰ সমাগম । পে পে নাগাৰা নাম চাবলৈ ওলাই আহিল সকলো ।

  • Share this:
বিতৰ্কৰ পিছতো ইখনৰ পিছত সিখন পূজা সভা মহোৎসৱত কৰিশ্মা নাথৰ নাগাৰা নাম অব্যাহত । নলবাৰীৰ বৰকুৰিহা গংগাপুখুৰী বাসন্তী পূজাত কৰিশ্মা নাথৰ অনুষ্ঠানত সহাস্ৰাধিক লোকৰ সমাগম । পে পে নাগাৰা নাম চাবলৈ ওলাই আহিল সকলো ।

বিতৰ্ক আৰু কৰিশ্মা নাথ যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি । নিজৰ অংগী ভংগীমাৰে  নাগাৰা নাম প্ৰসংগ কৰি জনপ্ৰিয় হৈ পৰিছে কৰিশ্মা নাথ । নিতৌ ইজনৰ পিছত সিজন নাগাৰা শিল্পীৰ সমালোচনাৰ সন্মুখীন হোৱা কৰিশ্মাই নিজৰ কৰ্মত যেন থমকি ৰোৱা নাই । বিতৰ্কই আৰু অধিক জনপ্ৰিয় কৰি তোলা কৰিশ্মা নাথৰ নাগাৰা নাম মানেই এতিয়া জনসমুদ্ৰ । য'তেই কৰিশ্মাৰ অনুষ্ঠান হয় তাতেই ৰাইজৰ সোত বোৱা পৰিলক্ষিত হয় ।নিশা নলবাৰীৰ বৰকুৰিহা গংগাপুখুৰী বাসন্তী পূজাত কৰিশ্মা নাথৰ নাগাৰা নাম চাবলৈ আহিল হাজাৰ হাজাৰ দৰ্শক ভক্তপ্ৰান ৰাইজ । কৰিশ্মা নাথৰ বেণ্ড পাৰ্টীৰ পে পে পে ৰে নাগাৰা নামে আমোদ দিলে সহাস্ৰাধিক লোকক । কৰিশ্মা নাথৰ নাগাৰা নামত দেহৰ অংগীমা ভংগীমাত দৰ্শকৰ বিপুল উচাহ পৰিলক্ষিত হয় ।     বিতৰ্কই অধিক জনপ্ৰিয় কৰা কৰিশ্মা নাথৰ নাগাৰা নাম ওচৰৰ পৰা চাবলৈ ৰাইজৰ সহাৰিয়ে প্ৰমাণ কৰে যে বিতৰ্কক আওকাণ কৰি কৰিশ্মাই চলাই গৈছে নিজৰ কৰ্ম । উল্লেখযোগ্য যে যুৱ শিল্পী গৰাকীৰ নাম ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত সদৌ অসম নাগাৰা নাম সংঘকে আদি কৰি বিভিন্ন নাগাৰা সমাজৰ লগত জড়িত লোকৰ সমালোচনাৰ সন্মুখীন হৈছিল কৰিশ্মা নাথ । নাগাৰা নাম সংঘই আনকি একাষৰীয়া ঘোষণা কৰিছিল এইগৰাকী শিল্পীক । নাগাৰা শিল্পী সকলক তীক্ষ্ণ বাক্যৰে ঠাট্টা কৰাৰো অভিযোগ আহিছিল কৰিশ্মা নাথৰ বিৰুদ্ধে । ইয়াৰ পিছতো যেন থমকি ৰোৱা নাই কৰিশ্মাই । কৰিশ্মা নাথৰ নিজৰ স্থিতিত অটল থাকি ইখনৰ পিছত সিখন কাৰ্যসূচীত চলাই গৈছে নিজৰ নাগাৰা নাম পৰিৱেশন ।

শেহতীয়া বাতৰি