সুদক্ষ ভিডিঅ’ সম্পাদক মানস অধিকাৰীৰ আত্মহত্যা!

নিজ গৃহতে চিপলৈ আত্মহত্যা কৰে মানস অধিকাৰীয়ে । উজনিৰ দুজনী গাভৰু, জোনাক বিহীন জীৱন, চোৰেন চুৰৰ পুতেকৰ দৰে বহু অসমীয়া হিট ছবিত সম্পাদক হিচাপে কাম কৰিছিল মানস অধিকাৰীয়ে।

news18assam
Updated:June 3, 2019, 7:19 AM IST
সুদক্ষ ভিডিঅ’ সম্পাদক মানস অধিকাৰীৰ আত্মহত্যা!
নিজ গৃহতে চিপলৈ আত্মহত্যা কৰে মানস অধিকাৰীয়ে । উজনিৰ দুজনী গাভৰু, জোনাক বিহীন জীৱন, চোৰেন চুৰৰ পুতেকৰ দৰে বহু অসমীয়া হিট ছবিত সম্পাদক হিচাপে কাম কৰিছিল মানস অধিকাৰীয়ে।
news18assam
Updated: June 3, 2019, 7:19 AM IST
নিজ গৃহত চিপ লোৱা অৱস্থাত উদ্ধাৰ ৰাজ্যৰ বিশিষ্ট ভিডিঅ’ সম্পাদক মানস অধিকাৰীৰ মৃতদেহ। চিপ লৈ থকা অৱস্থাত নাৰেংগী সেউজ নগৰৰ নিজ বাসগৃহত উদ্ধাৰ মৃতদেহ। ঘটনা স্থলীত আৰক্ষী উপস্থিত।এতিয়ালৈকে জানিব পৰা নাই আত্মহত্যাৰ কাৰণ।



অসমীয়া চিনেমাৰ এটি চিনাকী নাম আছিল মানস অধিকাৰী। বিয়লি চাৰি বজাত আত্মহত্যা কৰে বিশিষ্ট ভিডিঅ’ সম্পাদক গৰাকীয়ে। ঘৰত কোনো নথকাৰ সময়ত দুৱাৰ বন্ধ কৰি আত্মহনন কৰে মানস অধিকাৰীয়ে। সন্ধিয়া পত্নী আৰু দুই সন্তানে দুৱাৰ ভাঙি উদ্ধাৰ কৰে মানসৰ মৃতদেহ। আত্মহত্যাৰ আগমুহূৰ্তত কোনো ধৰণৰ ছুইচাইড নোট লিখি থৈ যোৱা নাই মানস অধিকাৰীয়ে।

মৎসগন্ধা, উজনিৰ দুজনী গাভৰু, জোনাক বিহীন জীৱন, চোৰেন চুৰৰ পুতেক, প্ৰিয়া মিলনকে আদি কৰি কুৰিখনৰো অধিক ছবিত ভিডিঅ’ সম্পাদনাৰ কাম কৰিছিল। জাতিংগা ইত্যাদি ছবিখনৰ বাবে মানস অধিকাৰীয়ে অসম চৰকাৰৰ ৰাজ্যিক চলচিত্ৰ বটাৰ শ্ৰেষ্ঠ সম্পাদকৰ বঁটা লাভ কৰে।

কিন্তু অসমীয়া ছবিৰ মন্দাৱস্থা হোৱাৰ বাবে পৰৱৰ্তী সময়ত মানস অধিকাৰী ছবিৰ নিয়মীয়া কামৰ পৰা আঁতৰি থাকে। পেছাগত কাৰণত কিছুদিন অসমৰ ব্যক্তিগত চেনেলতো ভিডিঅ’ সম্পাদকৰ কাম কৰিছিল অধিকাৰীয়ে।

মানস অধিকাৰীয়ে এনেদৰে আত্মহত্যা কৰাৰ ফলত এতিয়া ৰাজ্যজুৰি গভীৰ শোকৰ ছাঁ পৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি