অহা শিক্ষাবৰ্ষৰ পৰা ৰাজ্যৰ শিক্ষা বিভাগে কাৰ্যকৰী কৰিব ৰাষ্ট্ৰীয় শিক্ষানীতি। তাৰ বাবে এতিয়া যুদ্ধগতিত কাম-কাজ কৰিছে বিভাগটোৰ কৰ্মচাৰীসকলে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱেও এই সন্দৰ্ভত পৃথকে পৃথকে ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ সৈতে আলোচনাত মিলিত হৈছে। সোমবাৰে শিক্ষামন্ত্ৰী পেগুৱে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সৈতে আলোচনাত বহে।
বৈঠকত অন্তত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে, 'মহাবিদ্যালয় সমূহৰ ১ হাজাৰ শিক্ষক পদ পূৰণৰ বাবে প্ৰক্ৰিয়া আৰম্ভ হৈছে। ১০ দিনৰ ভিতৰত নিযুক্তি দিয়া হ'ব ১৫০ গৰাকী নতুন কলেজ শিক্ষকক। হায়াৰ ছেকেণ্ডাৰীৰ পদ সমূহৰ বাবে ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ পাইছে। এটা বছৰৰ ভিতৰতে পূৰণ কৰা হ'ব সকলো পদ। ক'তো খালী নাথাকিব কোনো পদ।' ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ মন্তব্যঃ
এই সন্দৰ্ভত শিক্ষামন্ত্ৰী পেগুৱে কয় যে, 'নতুন শিক্ষানীতি প্ৰয়োগৰ লগে লগে শিক্ষা ব্যৱস্থাত সংস্কাৰ আনিবলৈ চেষ্টা কৰা হৈছে। ইয়াৰ বাবে বিভিন্ন সংগঠনৰ লগত পৰ্যায়ক্ৰমে আলোচনা চলি আছে। বিদ্যালয় একত্ৰীকৰণ হ'লে কাৰোৰে চাকৰি নায়ায়।আৰু কোনো বিদ্যালয় বন্ধ হৈ নাযায় কেৱল মাত্ৰ একত্ৰীকৰণ কৰা হ'ব। এই ক্ষেত্ৰত কোনো উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই। সকলোৰে লগত আলোচনা কৰি সঠিক সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।'