• Home
  • »
  • News
  • »
  • assam
  • »
  • UPSC Assam| কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ একমাত্ৰ অসম সন্তান হাছানুজ্জামান চৌধুৰীক হাইলাকান্দিত সম্বৰ্ধনা, নিজে পঢ়া বিদ্যালয়ত ব্যক্ত কৰিলে অভিজ্ঞতা

UPSC Assam| কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ একমাত্ৰ অসম সন্তান হাছানুজ্জামান চৌধুৰীক হাইলাকান্দিত সম্বৰ্ধনা, নিজে পঢ়া বিদ্যালয়ত ব্যক্ত কৰিলে অভিজ্ঞতা

 ইউপিএচচি উত্তীৰ্ণ হাছানুজ্জামান চৌধুৰীক সংবৰ্ধনা হাইলাকান্দিত

 ইউপিএচচি উত্তীৰ্ণ হাছানুজ্জামান চৌধুৰীক সংবৰ্ধনা হাইলাকান্দিত

 ইউপিএচচি উত্তীৰ্ণ হাছানুজ্জামান চৌধুৰীক সংবৰ্ধনা হাইলাকান্দিত

  • Share this:
কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ চূড়ান্ত ফলাফলত এই বছৰ অসমৰ পৰা সফলতাৰে উত্তীৰ্ণ হৈছে মাত্ৰ এগৰাকী প্ৰাৰ্থী । সৰ্বভাৰতীয় স্তৰৰ এই অতিগুৰুত্বপূৰ্ণ পৰীক্ষাত ২৮৩ নম্বৰ ৰেংক লাভ কৰি উত্তীৰ্ণ হয়  আহমেদ হাছানুজ্জামান চৌধুৰী নামৰ এগৰাকী অসম সন্তান ।

সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হাছানুজ্জামানৰ ঘৰ হাইলাকান্দি জিলাৰ লক্ষিৰবন্দ গাওঁত । তেওঁৰ পিতৃ জাকিৰ আহমেদ চৌধুৰী AEGCLৰ অৱসৰপ্ৰাপ্ত চিফ জেনেৰেল মেনেজাৰ।

হাছানুজ্জামানৰ সফলতাক লৈ উৎফুল্লিত হাইলাকান্দি জিলা । মঙলবাৰে  আহমেদ হাছানুজ্জামান চৌধুৰীক তেওঁ প্ৰাথমিক শিক্ষা গ্ৰহন কৰা হাইলাকান্দিৰ লক্ষীৰবন্দ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক সভাত সম্বৰ্ধনা জনোৱা হয় । সভাত উপস্থিত থাকে আহমদ হাছানুজ্জামান চৌধুৰী আৰু তেওঁৰ পিতা জাকিৰ আহমদ চৌধুৰী আৰু জিলাৰ আন বিশিষ্ট ব্যক্তি সকল ।

সম্বৰ্ধনা সভাত হাছানুজ্জামান চৌধুৰীয়ে হাইলাকান্দিৰ সেই প্ৰত্যন্ত অঞ্চলৰ পৰা লোকসেৱা আয়োগলৈকে কৰা যাত্ৰাৰ বিৱৰণ ছাত্ৰ ছাত্ৰীৰ সম্মুখত তুলি ধৰে । ইপিনে, সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত হাছানুজ্জামানে কয়, সকলো ছাত্ৰ–ছাত্ৰীৰ প্ৰচুৰ সম্ভাৱনা আছে । পৰিয়ালৰ সহায় আৰু সঠিক পথ নিৰ্দেশনা থাকিলে আগন্তুক দিনত অসমৰ পৰা আন বহু ছাত্ৰ ছাত্ৰীয়ে কেন্দ্ৰীয় লোক সেৱা আয়োগৰ পৰীক্ষা সমূহত সফল হ’ব, সেই আশাও তেওঁ প্ৰকাশ কৰে। তেওঁ ছাত্ৰ–ছাত্ৰী সকলক যিকোনো পৰিস্থিতিত "পজিটিভ" হৈ থকাৰ আহ্বান জনায়।
First published: