অসম বিশ্ববিদ্য়ালয়ত অঘটন, ৰসায়ন বিজ্ঞান বিভাগত হঠাৎ বিস্ফোৰণ

News18 Assam | News18-Assam
Updated:March 12, 2020, 7:52 AM IST
অসম বিশ্ববিদ্য়ালয়ত অঘটন, ৰসায়ন বিজ্ঞান বিভাগত হঠাৎ বিস্ফোৰণ
শিলচৰৰ অসম বিশ্ববিদ্যালয়ত অঘটন

শিলচৰৰ অসম বিশ্ববিদ্যালয়ত অঘটন

  • Share this:
শিলচৰৰ অসম বিশ্ববিদ্যালয়ত অঘটন। বিশ্ববিদ্যালয়খনৰ ৰসায়ন বিজ্ঞান বিভাগত হঠাৎ সংঘটিত হয় বিস্ফোৰণৰ ঘটনা। নাইট্ৰিক এচিড আৰু চালফাৰ লৈ ছাত্ৰ ছাত্ৰী সকলে যেতিয়া গবেষণা চলাই আছিল সেই সময়তে এই ঘটনা সংঘটিত হ’ল বুলি ধাৰণা কৰা হৈছে।

বিস্ফোৰণৰ ফলত আঘাত প্ৰাপ্ত হৈছে  পঞ্চাতপা সেন, তন্ময় সাহায্য, সৌৰভ পাল আৰু বিপাশা সেনগুপ্ত নামৰ বিশ্ববিদ্যালয়খনৰ ছাত্ৰ–ছাত্ৰী কেইজন। ইতিমধ্যে আটাইকেইজন শিক্ষাৰ্থীকে শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে।
Published by: Himangshu Bhuyan
First published: March 12, 2020, 7:51 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি