মুখ্যপৃষ্ঠা »খবৰ »অসম »ULFA(I) : ONGC, OILক সকীয়নি পৰেশ বৰুৱাৰ। ৭টা চৰ্ত নামানিলে ভীষণ পৰিণতিৰ হুংকাৰ।

ULFA(I) : ONGC, OILক সকীয়নি পৰেশ বৰুৱাৰ। ৭টা চৰ্ত নামানিলে ভীষণ পৰিণতিৰ হুংকাৰ।

paresh baruah, file image

paresh baruah, file image

ONGC, OILত চাকৰিৰ ৯৫ শতাংশ কেৱল থলগিৰি লোকৰ বাবে সংৰক্ষণ কৰিব লাগিব। চৰ্তবোৰ মানি চলাৰ বাবে ONGC, OILৰ পৰা লিখিত প্ৰতিশ্ৰুতি বিচাৰিছে আলফা স্বাধীনে।

  • Share this:
আলফা স্বাধীনে অপহৰণ কৰা ONGCৰ কৰ্মচাৰী ৰিতুল শইকীয়াৰ এই পৰ্যন্ত কোনো শুংসূত্ৰ নোলোৱা কথাটোক লৈ সমগ্ৰ অসমত চাঞ্চল্য বিৰাজ কৰি থকাৰ মাজতে ONGC, OILক সকীয়নি দি এক মেইল প্ৰেৰণ কৰিছে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই।

ONGC, OILক ৭টা চৰ্ত মানিবলৈ সকীয়নি  আলফা স্বাধীনৰ।  এই চৰ্ত দি আজি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান দুটালৈ বিবৃতি প্ৰেৰণ কৰিছে আলফা স্বাধীনে। অন্যথা প্ৰতিষ্ঠান দুটাই বিষম পৰিণতিৰ সন্মুখীন হ’ব লাগিব বুলি দিছে হুমকি। পৰেশ বৰুৱাই নিজে স্বাক্ষৰ কৰা এক মেইলযোগে দিছে এই সকীয়নি।

ONGC, OILক আন দিয়া চৰ্ত কেইটাৰ ভিতৰত আছে-

ONGC, OILত চাকৰিৰ ৯৫ শতাংশ কেৱল থলগিৰি লোকৰ বাবে সংৰক্ষণ কৰিব লাগিব।

ONGC, OILএ চাকৰিত মকৰলৰ সলোধৰণৰ যোগ্যতা নিৰ্ণয়কাৰী পৰীক্ষা অসমতেই পাতিব লাগিব।

ONGC, OILৰ পৰিচালন সঞ্চালকৰ পদ যোগ্য থলগিৰি ব্যক্তিৰ বাবে সংৰক্ষণ কৰক।

ONGC, OILএ আৰম্ভণিৰে পৰা অসমৰ কিমান লম্পদ নিলে আৰু লাভৰ কিমান শতাংশ অসমে পালে তাৰ হিচাপ দিয়ক।

ONGC, OILৰ চাকৰিত নিয়োগৰ নামত চলি থকা অসাধু গোষ্ঠাীক উৎখাত কৰিব লাগিব। আলফা স্বাধীনৰ অভিযোগ চতুৰ্থ বৰ্গৰ চাকৰিত মকৰলৰ বাবেও ONGC, OILত ২৫-৩০ লাখ টকালৈ ঘোচ দিব লাগে। মেইলত সংগঠনটোৰ অভিযোগ এই অসাধু চক্ৰত একাংশ থলগিৰি লোকো জড়িত আছে।

ঠিকাভিত্তিক নিয়োগ বন্ধ কৰি চাকৰি নিয়মীয়া কৰক।

অসমৰ গাঁওসমূহলৈ পাইপেৰে ঘৰে ঘৰে গেছ যোগানৰ ব্যৱস্থা কৰক। অসমৰ প্ৰাকৃতিক সম্পদৰ লাভ অসমবাসীয়ে লাভ কৰাটো সুনিশ্চিত কৰক।

অসমৰ বিভিন্ন উৎসৱ-পাৰ্বন আয়োজন কৰিবলৈ বিভিন্ন দল-সংগঠনক দান-বৰঙণি দিয়াৰ লগতে বানপিড়ীত তথা প্ৰাকৃতিক দুৰ্যোগত পতিত আৰ্তজনক প্ৰতিষ্ঠান দুটাই প্ৰত্যক্ষভাৱে বছৰি ৫ কোটিকৈ টকা দিব লাগিব।

এই চৰ্তবোৰ মানি চলাৰ বাবে ONGC, OILৰ পৰা লিখিত প্ৰতিশ্ৰুতি বিচাৰিছে আলফা স্বাধীনে। অন্যথা সশস্ত্ৰ প্ৰতিবাদৰ বিকল্প নাথাকিব বুলি কৰিছে ঘোষণা।

শেহতীয়া বাতৰি