মুখ্যপৃষ্ঠা »খবৰ »অসম »মেক্সিকোত "আইৰন মেন"ৰ খিতাপ অৰ্জনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে উজ্জ্বল বৰুৱাই

মেক্সিকোত "আইৰন মেন"ৰ খিতাপ অৰ্জনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে উজ্জ্বল বৰুৱাই

 উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী অৰ্জুন বটা বিজয়ী খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ ভতিজা হ'ল উজ্জল বৰুৱা।

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী অৰ্জুন বটা বিজয়ী খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ ভতিজা হ'ল উজ্জল বৰুৱা।

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী অৰ্জুন বটা বিজয়ী খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ ভতিজা হ'ল উজ্জল বৰুৱা।

  • Share this:
অসমৰ সুযোগ্য সন্তান উজ্জ্বল বৰুৱা। শিৱসাগৰত জন্মগ্ৰহণ কৰা প্ৰবাসী অসমীয়া উজ্জ্বল বৰুৱাই মেক্সিকোত ইতিহাস সৃষ্টি কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী অৰ্জুন বটা বিজয়ী খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ ভতিজা হ'ল উজ্জল বৰুৱা। উজ্জল বৰুৱাই মেক্সিকোত "আইৰণ মেন"ৰ খিতাপ অৰ্জনেৰে অসম আৰু বিদেশত বাস কৰা প্ৰৱাসী অসমীয়া সকললৈ গৌৰৱ কঢ়িয়াই আনিছে।

বিশ্বৰ প্ৰায় ৫০ খন দেশৰ প্ৰায় ২৭৪৩ গৰাকী খেলুৱৈয়ে অংশ লোৱা মেক্সিকোৰ "আইৰণ মেন" প্ৰতিযোগিতাখন যথেষ্ট কষ্টকৰ আছিল। কাৰণ, প্ৰতিযোগিতাত প্ৰথমে  সাগৰত সাঁতুৰ তাৰ পিছত চাইক্লিং আৰু দৌৰিব লাগিছিল। য'ত প্ৰৱাসী অসমীয়া প্ৰতিভাৱান খেলুৱৈ সাহসী উৎজ্জল বৰুৱাই সাগৰত ১ ঘণ্টা ১৩ মিনিট সময় সাঁতুৰি প্ৰথমে অতিক্ৰম কৰিছিল ৩.৯ কিলোমিটাৰ দূৰত্ব।

দ্বিতীয়তে ৬ ঘণ্টা ৩১ মিনিট সময়ত ১৮০ কিলোমিটাৰ দূৰত্ব চাইক্লিং কৰিছিল উৎজ্জল বৰুৱাই। সাঁতোৰ আৰু চাইক্লিং কৰাৰ অন্তত ৫ ঘণ্টা ৪৫ মিনিট আৰু ০২ ছেকেণ্ড সময়ত মুঠ ৪২ কিলোমিটাৰ দৌৰিছিল উজ্জল বৰুৱাই। যথেষ্ট প্ৰতিভাসম্পন্ন উজ্জল বৰুৱাই সামগ্ৰিকভাৱে মুঠ ১৩ ঘণ্টা ৫৭ মিনিট ৩১ ছেকেণ্ড বিশ্বৰ ভিতৰত প্ৰথম স্থানেৰে "আইৰণ মেন"ৰ খিতাপ লাভ কৰিছিল। উজ্জ্বল বৰুৱাৰ এই সফলতাত গৌৰৱ অনুভৱ কৰিছে অসমৰ জনসাধাৰণৰ লগতে প্ৰতিগৰাকী প্ৰৱাসী অসমীয়াই।

শেহতীয়া বাতৰি