• Home
  • »
  • News
  • »
  • assam
  • »
  • অসমৰ পিতা-পুত্ৰই নিৰ্মাণ কৰা ভাস্কৰ্য শিল্পই শোভাবৰ্ধন কৰিব অযোধ্যাৰ ৰাম মন্দিৰৰ চৌহদ

অসমৰ পিতা-পুত্ৰই নিৰ্মাণ কৰা ভাস্কৰ্য শিল্পই শোভাবৰ্ধন কৰিব অযোধ্যাৰ ৰাম মন্দিৰৰ চৌহদ

অসমৰ ভাস্কৰ্য শিল্পী ৰঞ্জিত মণ্ডল এতিয়া ব্যস্ত অযোধ্যাত

অসমৰ ভাস্কৰ্য শিল্পী ৰঞ্জিত মণ্ডল এতিয়া ব্যস্ত অযোধ্যাত

অসমৰ ভাস্কৰ্য শিল্পী ৰঞ্জিত মণ্ডল এতিয়া ব্যস্ত অযোধ্যাত

  • Share this:
অসমৰ ভাস্কৰ্য শিল্পী ৰঞ্জিত মণ্ডল এতিয়া ব্যস্ত অযোধ্যাত ৷ অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ থলিৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ নিলগত বিশ্ব হিন্দু পৰিষদে নিৰ্দ্দিষ্ট কৰি দিয়া বিশেষ স্থানত ৰামকুঞ্জৰ মুঠ ১২৫টা লিখিত অধ্যায় ভাস্কৰ্যৰে বাস্তৱ ৰূপ দিয়াৰ গধূৰ দায়িত্ব অৰ্পণ কৰা হৈছে ৰঞ্জিত মণ্ডলক ৷ চিত্ৰ আৰু ভাস্কৰ্যত স্নাতকোত্তৰ ডিগ্ৰী লোৱা ৰঞ্জিতক সহায় কৰিছে পিতৃ নাৰায়ণ মণ্ডলে ৷

শিল্পী ৰঞ্জিত মণ্ডলৰ ঘৰ শিলচৰৰ ইটাখোলাৰ ফাটেক বজাৰ চ’কত ৷ ১৯৯৭ চনত গুৱাহাটীৰ ৰূপনগৰত ৰঞ্জিত মণ্ডলে নিৰ্মাণ কৰা এটা বেদব্যাসৰ মূৰ্তি বিশ্ব হিন্দু পৰিষদৰ আন্তৰাষ্ট্ৰীয় সভাপতি অশোক সিংহালে দেখাৰ পিছতে সৌভাগ্যৰ দুৱাৰ মুকলি হৈছিল ৰঞ্জিত মণ্ডলৰ। ২০১৩ চনত ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ লগে লগে ৰঞ্জিত মণ্ডলক দায়িত্ব অৰ্পণ কৰা হৈছিল মূল ৰাম মন্দিৰৰ চৌহদতে স্থাপন হ’ব লগা ৰামকুঞ্জৰ মুঠ ১২৫টা অধ্যায়ৰ ভাস্কৰ্য নিৰ্মাণ কৰিবলৈ ৷



ৰামকুঞ্জৰ অধ্যায় আৰম্ভ হ’ব অযোধ্যাৰ ৰজা দশৰথৰ পুত্ৰ-স্ত্ৰী যজ্ঞৰ পৰা ৷ ইয়ৰ পিছতে ৰাম জন্মৰ পিছৰ বালৰামায়ণত,ৰাজ অভিষেক, বনবাস, সীতাহৰণ আদি মুঠ ১২৫টা অধ্যায়ৰ ভাস্কৰ্য ৰোপ দিবলৈ ৰঞ্জিতে নিৰ্মাণ কৰিব লাগিব প্ৰায় তিনি হাজাৰ সৰু বৰ মূৰ্তি। ৰঞ্জিত মণ্ডলৰ মতে, অহা তিনি বছৰৰ ভিতৰত মূৰ্তি নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে ৷

মূৰ্তি সমূহ নিৰ্মাণ কৰা হৈছে এক বিশেষ প্ৰণালীৰে ৷ চিমেণ্ট, বালি আৰু গ্ৰেনাইট শিলেৰে নিৰ্মাণ কৰা মূৰ্তি সমুহ শতাধিক বছৰৰ পাছতো আক্ষত থাকিব বুলি দাবী কৰিছে ৰঞ্জিত মণ্ডলে ৷  উল্লেখযোগ্য যে, দশম শ্ৰেণী উৰ্ত্তীৰ্ণ হৈ অসময়ৰ পৰা উত্তৰ প্ৰদেশলৈ  যোৱা ৰঞ্জিত মণ্ডলে ফৰিজাবাদৰ ৰাম মনোহৰ ৰৈয়া অৱধ বিশ্ববিদ্যালয়ৰ পৰা ২০১৭ চনত ফাইন আৰ্টত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ৷
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি