বিশ্ব আৰক্ষী এথলেটিকছত অসম আৰক্ষীৰ দপদপনি! স্বৰ্ণ জয়েৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়ালে থুনলাই নাৰ্জাৰীয়ে

News18-Assam
Updated:August 13, 2019, 10:24 PM IST
বিশ্ব আৰক্ষী এথলেটিকছত অসম আৰক্ষীৰ দপদপনি! স্বৰ্ণ জয়েৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়ালে থুনলাই নাৰ্জাৰীয়ে
আকৌ এবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ নাম

আকৌ এবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ নাম

  • Share this:
আকৌ এবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ নাম। ৮ আগষ্টৰ পৰা  চীনৰ চেনডুগুত অনুষ্ঠিত হৈছে বিশ্ব আৰক্ষী এথলেটিকছ । প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি মঙলবাৰে শ্বটফুটত সোণৰ পদক লাভ কৰে অসমৰ থুনলাই নাৰ্জাৰীয়ে।  কোকৰাঝাৰ জিলাৰ থুনলাই নাৰ্জাৰী বৰ্তমান অসম আৰক্ষীৰ দশম বেটেলিয়ানত কৰ্মৰত।

থুনলাইয়ে পদক জয় কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনাত কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে থুনলাই নাৰ্জাৰীক অভিনন্দন জ্ঞাপন কৰি এয়া অসম আৰক্ষীৰ বাবে গৌৰৱৰ বিষয় বুলি মন্তব্য কৰে । সেইদৰে থুনলাই নাৰ্জাৰী নৱ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা আৰু থুনলাই নাৰ্জাৰীক অনুসৰণ কৰি ভৱিষ্যতে অসম আৰক্ষীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধিক সোণৰ পদক আজুৰি আনিব বুলি আশা প্ৰকাশ কৰে ৰাজেন সিঙে।
আৰু চাওক পৰৱৰ্তী বাতৰি