• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam TMC : হঠাতে তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ত প্ৰধানমন্ত্ৰী মোদী! লগে লগে প্ৰধানমন্ত্ৰীক প্ৰশ্নৰে থকাসৰকা তৃণমূল কংগ্ৰেছ নেতাৰ

Assam TMC : হঠাতে তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ত প্ৰধানমন্ত্ৰী মোদী! লগে লগে প্ৰধানমন্ত্ৰীক প্ৰশ্নৰে থকাসৰকা তৃণমূল কংগ্ৰেছ নেতাৰ

ভিক্টৰ দাসক গ্ৰেপ্তাৰ আৰু বহিৰাগত কোম্পানীৰ দ্বাৰা গুৱাহাটী পৌৰ নিগমৰ কৰ সংগ্ৰহ সম্পৰ্কতো চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৰিপুণ বৰাই।

  • Share this:

হঠাতে তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পোন্ধৰ দিনীয়া জন্মদিনৰ অংশ হিচাপে বুধবাৰে গুৱাহাটীৰ তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ত অহা প্ৰধানমন্ত্ৰীগৰাকীৰ ওচৰত বিভিন্ন প্ৰশ্ন উত্থাপন কৰে অসম তৃণমূল কংগ্ৰেছে।

হয়,  আজি  মহানগৰীত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে অসম তৃণমূল কংগ্ৰেছে। তৃণমূলৰ কাৰ্যালয়লৈ অহা প্ৰধানমন্ত্ৰীক বিভিন্ন প্ৰশ্নৰে থকাসৰকা কৰে টিএমচিৰ নেতা–কৰ্মীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰতীকী ৰূপত উপস্থাপন কৰি এই কাৰ্য কৰে অসম তৃণমূল কংগ্ৰেছে।

 বাটৰ নাটৰ অৰ্হিত প্ৰতীকী ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উপস্থাপন কৰি চৰকাৰৰ গণ বিৰোধী আঁচনিৰ সমালোচনা কৰে অসম তৃণমূল কংগ্ৰেছে। এই প্ৰতিবাদৰ নেতৃত্ব লয় দলটোৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই।

নৰেন্দ্ৰ মোদীৰ পোন্ধৰ দিনজোৰা জম্মদিনৰ কাৰ্যসূচী চলি থকাৰ সময়তে তৃণমূল কংগ্ৰেছে প্ৰতীকী ৰূপত প্ৰধানমন্ত্ৰীক উপস্থাপন কৰি ৰাজ্যৰ আঠটা জ্বলন্ত সমস্যা সম্পৰ্কত প্ৰশ্ন কৰে। ভিক্টৰ দাসক গ্ৰেপ্তাৰ আৰু বহিৰাগত কোম্পানীৰ দ্বাৰা গুৱাহাটী পৌৰ নিগমৰ কৰ সংগ্ৰহ সম্পৰ্কতো চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৰিপুণ বৰাই।

Published by:Gautam Barman
First published: