মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam TMC : আকাশলংঘী মূল্যবৃদ্ধি, সম্পত্তি কৰ বৃদ্ধিৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ

Assam TMC : আকাশলংঘী মূল্যবৃদ্ধি, সম্পত্তি কৰ বৃদ্ধিৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ

 ড° হিমন্ত বিশ্ব শৰ্মাৰ কাম–কাজে তেওঁক এগৰাকী বিফল মুখ্যমন্ত্ৰী হিচাপে প্ৰমাণ কৰা বুলি মন্তব্য কৰে দত্তই।

ড° হিমন্ত বিশ্ব শৰ্মাৰ কাম–কাজে তেওঁক এগৰাকী বিফল মুখ্যমন্ত্ৰী হিচাপে প্ৰমাণ কৰা বুলি মন্তব্য কৰে দত্তই।

ড° হিমন্ত বিশ্ব শৰ্মাৰ কাম–কাজে তেওঁক এগৰাকী বিফল মুখ্যমন্ত্ৰী হিচাপে প্ৰমাণ কৰা বুলি মন্তব্য কৰে দত্তই।

  • Share this:

আকাশলংঘী মূল্যবৃদ্ধি, পৌৰ নিগমৰ সম্পত্তি কৰ বৃদ্ধিৰ বিৰুদ্ধে আৰু সমগ্ৰ মহানগৰবাসীক খোৱাপানী যোগান নিশ্চিত কৰাৰ দাবীত আজি অসম তৃণমূল কংগ্ৰেছে প্ৰতিবাদী ধৰ্ণা কৰাৰ লগতে গণস্বাক্ষৰ সংগ্ৰহ অভিযান চলায়।


মহানগৰীৰ পল্টনবজাৰত সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত অসম তৃণমূল কংগ্ৰেছ, অসম তৃণমূল যুৱ কংগ্ৰেছ আৰু অসম অসম তৃণমূল মহিলা কংগ্ৰেছে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহলৈ গৈ উক্ত দাবীৰ সমৰ্থনত স্বাক্ষৰ সংগ্ৰহ কৰে।


উল্লেখ্য জনতাৰ স্বাক্ষৰসম্বলিত এক স্মাৰকপত্ৰ অসমৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰা হ'ব।প্ৰতিবাদকাৰীসকলে 'আকাশলংঘী মূল্যবৃদ্ধি বন্ধ কৰক,' 'পৌৰ নিগমৰ সম্পত্তি কৰ বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰক', 'মহানগৰবাসীক খোৱাপানী যোগান নিশ্চিত কৰক' আদি শ্লোগানেৰে প্ৰতিবাদ কৰে।


সভাপতি ৰিপুণ বৰাই কয় যে অৰ্থনৈতিক সংকটৰ জোৰা মাৰিবলৈ ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ আকাশলংঘী মূল্যবৃদ্ধিত ইতিমধ্যে বিপৰ্যস্ত জনতা। ইয়াৰ লগতে ইটোৰ পাছত সিটো কৰ জাপি কৰি জীৱন দুৰ্বিসহ কৰি তুলিছে শাসকীয় চৰকাৰখনে।


বৰাৰ লগতে অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তয়ো জনতাৰ স্বাৰ্থৰ পৰিপন্থী কাম কৰি অহা ৰাজ্য চৰকাৰখনক তীব্ৰ সমালোচনা কৰে। ড° হিমন্ত বিশ্ব শৰ্মাৰ কাম–কাজে তেওঁক এগৰাকী বিফল মুখ্যমন্ত্ৰী হিচাপে প্ৰমাণ কৰা বুলি মন্তব্য কৰে দত্তই। উল্লেখ্য,


পল্টনবজাৰৰ বিজুলী ভৱনৰ সন্মুখৰ পৰা অসম তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদী দলটোৱে ফুটপাথেৰে শোভাযাত্ৰা কৰি নেপালী মন্দিৰ হৈ পল্টনবজাৰ ষ্টেচনৰ সন্মুখত কাৰ্যসূচীৰ সামৰণি মাৰে।

শেহতীয়া বাতৰি