অসম চৰকাৰে দাখিল কৰা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটক জনতাক আভুৱা ভৰা এখন দিশহীন বাজেট বুলি অভিহিত কৰিছে অসম তৃণমূল কংগ্ৰেছে। অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এখন সংবাদমেল সম্বোধন কৰি অসম চৰকাৰৰ বাজেটখনক কেৱল কৰৰ ওপৰত নিৰ্ভৰশীল বাজেট বুলি মন্তব্য কৰে। এই বাজেটে ৰাজ্যখনক উন্নয়নৰ কোনো বাট দেখুৱাবলৈ সক্ষম নহ'ব বুলি তেওঁ অভিযোগ কৰে।
বৰাই লগতে কয়, ‘‘বাজেটৰ সৰ্বাধিক পুঁজি কেন্দ্ৰীয় চৰকাৰ আৰু অন্যান্য দিশৰ পৰা লোৱা ঋণৰ পৰা জোৰা মৰাৰ কথা কৈছে। কিন্তু কেন্দ্ৰীয় চৰকাৰে যে কোনো ধন নিদিয়ে সেয়া আমি সকলোৱে দেখিছোঁ। বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তনৰ পাছত অসমে বছৰি ৯ হাজাৰ কোটি টকা হেৰুৱাব লগাৰ কথা সকলোৰে অৱগত। বাজেটত নিবনুৱা সমস্যা সমাধানৰ কোনো কথা নাই। বাজেটখন এক চূড়ান্ত ফাঁকিবাজৰ বাহিৰে আন একো নহয়। আমি বাজেটখনক ধিক্কাৰ দিছো।’’ লগতে তেওঁ অসমত ঔদ্যোগিকৰণৰ ক্ষেত্ৰত বাজেটখনত কোনো দিশ অন্তৰ্ভুক্ত নোহোৱাত ক্ষোভ প্ৰকাশ কৰে।
সংবাদমেলত দলৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা বাজেটখনক জনবিৰোধী বাজেট বুলি অভিহিত কৰি কঠোৰ সমালোচনা কৰে।
এসময়ত বাজেটখন দীঘলীয়া কৰা বুলি তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক সমালোচনা কৰা ড° হিমন্ত বিশ্ব শৰ্মাই নিজেই কি কৰিছে বুলি দিলীপ কুমাৰ শৰ্মাই প্ৰশ্ন উত্থাপন কৰে।
আনহাতে, বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে শিক্ষামন্ত্ৰী হৈ থকা সময়ত কৰা নীতিসমূহ ৰূপায়ণ কৰাৰ বাবে কোনো পদক্ষেপ নল'লে বুলি ৰিপুণ বৰাই গুৰুতৰ অভিযোগ উত্থাপন কৰে।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 17, 2023, 14:43 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।