মুখ্যপৃষ্ঠা »খবৰ »অসম »Ripun Bora : অসম ভ্ৰমণলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক লৈ সমালোচনামুখৰ তৃণমূল কংগ্ৰেছ

Ripun Bora : অসম ভ্ৰমণলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক লৈ সমালোচনামুখৰ তৃণমূল কংগ্ৰেছ

অসম চুক্তিৰ ছয় নং দফাৰ বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন দাড়ি, ক'মাসহ কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি কি হ'ল বুলি প্ৰশ্ন ৰিপুণ বৰাৰ

অসম চুক্তিৰ ছয় নং দফাৰ বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন দাড়ি, ক'মাসহ কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি কি হ'ল বুলি প্ৰশ্ন ৰিপুণ বৰাৰ

অসম চুক্তিৰ ছয় নং দফাৰ বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন দাড়ি, ক'মাসহ কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি কি হ'ল বুলি প্ৰশ্ন ৰিপুণ বৰাৰ

  • Share this:
অসম ভ্ৰমণলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক লৈ সমালোচনামুখৰ তৃণমূল কংগ্ৰেছ। আজি এক বিবৃতিত তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই শ্বাহে নতুনত্বহীন, চালে–বেৰে কোবোৱা কথাৰে অসমবাসীক আভুৱা–ভাঁৰাৰ অভিযোগ উত্থাপন কৰে।

নতুন দিল্লীত সাংবাদিকৰে হোৱা বাৰ্তালাপত সভাপতি বৰাই অমিত শ্বাহে নৰেন্দ্ৰ মোদীৰ নাম উত্তৰ–পূবৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব বুলি কৰা মন্তব্যৰ সন্দৰ্ভতো উভতি ধৰি কেতবোৰ প্ৰশ্ন উত্থাপন কৰে।

অসমৰ পৰা বিজেপি চৰকাৰে এয়াৰপোৰ্ট কাঢ়ি নিয়াৰ লগতে কাগজ কল বন্ধ কৰাৰ উপৰি এতিয়া নামৰূপ সাৰ কাৰখানা কাঢ়ি নিবলৈ ওলোৱা বুলি ক্ষোভ প্ৰকাশ কৰে।

বৰাই লগতে মাজুলীত স্বাস্থ্য বিভাগৰ গাফিলতিৰ বাবে মৃত্যু হোৱা ১৫ বছৰীয়া কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ খবৰ ল'বলৈ কিয় সময় নাই বুলি প্ৰশ্ন তোলে। বৰাই লগতে কয়– ''নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি এনে কাম কৰিলে যাৰ বাবে অসমে তেওঁৰ নাম ইতিহাসত সোণালী আখৰেৰে লিখিব। অসমক তেওঁ কি দিলে? তেওঁ প্ৰধানমন্ত্ৰী হোৱাৰ পিছতে বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰাৰ ফলত অসম বছৰি ৫ হাজাৰ কোটি টকাকৈ ৮ বছৰত মুঠ ৪০ হাজাৰ কোটি টকা লাভৰ পৰা বঞ্চিত হ'ব লগা হ'ল।''

শেহতীয়াকৈ দেশৰ ৫ ৰাজ্যৰ ১৫ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ উত্থাপন কৰাৰ লগতে জনজাতিকৰণৰ পৰা বঞ্চিত অসমৰ ৬ জনজাতি আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ৰাজ্যসভা আৰু লোকসভাত অসম চুক্তিৰ ছয় নং দফাৰ বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন দাড়ি, ক'মাসহ কাৰ্যকৰী কৰিব বুলি দেশবাসীৰ সন্মুখত দিয়া প্ৰতিশ্ৰুতি আজি ফুটুকাৰ ফেনত পৰিণত হোৱা বুলি ক্ষোভ প্ৰকাশ কৰে। তেওঁ
অসমলৈ অহা অমিত শ্বাহ ডাঙৰীয়াই ভাষণত এই বিষয়ত কিয় নিমাত বুলি প্ৰশ্ন উত্থাপন কৰে।

শেহতীয়া বাতৰি