• Home
  • »
  • News
  • »
  • assam
  • »
  • মাঘ বিহুৰ উৰুকাৰ নিশা সুৰাপান কৰি গাড়ী চলালেই বিপদ! ভৰিব লাগিব ১০ হাজাৰ টকাৰ জৰিমনা

মাঘ বিহুৰ উৰুকাৰ নিশা সুৰাপান কৰি গাড়ী চলালেই বিপদ! ভৰিব লাগিব ১০ হাজাৰ টকাৰ জৰিমনা

৩১ ডিচেম্বৰৰ নিশাৰ দৰে মাঘ বিহুৰ উৰুকাৰ নিশা সুৰাপান কৰি গাড়ী চলালেই বিপদত পৰিব চালক।

৩১ ডিচেম্বৰৰ নিশাৰ দৰে মাঘ বিহুৰ উৰুকাৰ নিশা সুৰাপান কৰি গাড়ী চলালেই বিপদত পৰিব চালক।

৩১ ডিচেম্বৰৰ নিশাৰ দৰে মাঘ বিহুৰ উৰুকাৰ নিশা সুৰাপান কৰি গাড়ী চলালেই বিপদত পৰিব চালক।

  • Share this:
মাঘৰ বিহুৰ উৰুকালৈ মাজত মাত্ৰ কেইটামান দিন বাকী। পিছে এইবাৰ মাঘ বিহুৰ উৰুকাৰ নিশা ৰাজপথত গিজ গিজাই থাকিব আৰক্ষী কিম্বা পৰিবহণ বিভাগৰ লোক। ৩১ ডিচেম্বৰৰ নিশাৰ দৰে মাঘ বিহুৰ উৰুকাৰ নিশা সুৰাপান কৰি গাড়ী চলালেই বিপদত পৰিব চালক।

উৰুকাৰ নিশা গুৱাহাটী মহানগৰীত পৰিবহন বিভাগে চলাব বিশেষ অভিযান। সুৰাপান কৰি গাড়ী চলালে ভৰিব লাগিব ১০ হাজাৰ টকাৰ জৰিমনা। সুৰাপান কৰি কোনেও যাতে গাড়ী নচলাই তাৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিব পৰিবহণ বিভাগে। ইতিমধ্যে বাহিৰৰ পৰা অনা হৈছে শতাধিক অত‍্যাধুনিক ব্ৰেথ এনালাইজাৰ। শনিবাৰে এই মন্তব্য কৰে কামৰূপ(মেট্ৰ)ৰ DTO গৌতম দাসে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি