কলঙৰ বুকুত অন্তৰ্ধান কোটিটকীয়া জাহাজ, ক’লৈ গ’ল অসম পৰ্যটনৰ জাহাজখন?

বৰ্তমান জাহাজখনৰ সংক্ৰান্তত উচ্চস্তৰীয় তদন্তৰ দাবী তুলিছে নগাঁৱৰ বিভিন্ন দল–সংগঠনে।
বৰ্তমান জাহাজখনৰ সংক্ৰান্তত উচ্চস্তৰীয় তদন্তৰ দাবী তুলিছে নগাঁৱৰ বিভিন্ন দল–সংগঠনে।
- News18 Assam
- Last Updated: December 3, 2019, 3:35 PM IST
তদনান্তীন পৰ্যটন মন্ত্ৰী ৰকিবুল হুছেইনে জলচফৰ কৰি উদ্বোধন কৰা জাহাজখনত অৱশ্যে এজনো পৰ্যটক উঠাৰ সৌভাগ্য ন'হল। উদ্বোধন কৰাৰ পিছৰে পৰা কলঙৰ পাৰত পৰিত্যক্ত অৱস্থাত থকা জাহাজখন কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালৰ শেষৰফালে হঠাৎ অন্তৰ্ধান হ'ল কলঙৰ বুকুৰ পৰা।
বৰ্তমান জাহাজখনৰ সংক্ৰান্তত উচ্চস্তৰীয় তদন্তৰ দাবী তুলিছে নগাঁৱৰ বিভিন্ন দল–সংগঠনে। উল্লেখযোগ্য যে জাহাজখন চলোৱাৰ বাবে কলং নিষ্কাশণৰ নামতো কোটি কোটি টকাৰ চৰকাৰী ধন শৰাধ কৰিছিল কংগ্ৰেছ চৰকাৰে। কিন্তু আজিও সেই কাম সম্পূৰ্ণ হৈ নুঠিল।NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।