CAA বিৰোধী প্ৰতিবাদৰ ফলত অসম পৰ্যটনৰ এহেজাৰ কোটি টকাৰ লোকচান, ক’লে জয়ন্ত মল্ল বৰুৱাই

News18 Assam | News18-Assam
Updated:December 31, 2019, 4:21 PM IST
CAA বিৰোধী প্ৰতিবাদৰ ফলত অসম পৰ্যটনৰ এহেজাৰ কোটি টকাৰ লোকচান, ক’লে জয়ন্ত মল্ল বৰুৱাই
হিংসাত্মক ঘটনাৰ লগত কুৰুৱা, গৰৈমাৰী আৰু হাতীগাঁৱৰ লোক জড়িত বুলি ক’লে বৰুৱাই।

হিংসাত্মক ঘটনাৰ লগত কুৰুৱা, গৰৈমাৰী আৰু হাতীগাঁৱৰ লোক জড়িত বুলি ক’লে বৰুৱাই।

  • Share this:
CAA বিৰোধী প্ৰতিবাদৰ বাবে অসমৰ পৰ্যটনৰ বৃহৎ ক্ষতি হ’ল – সংবাদমেলত এই কথা জনালে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই। দুমাহত প্ৰায় এহেজাৰ কোটিৰ লোকচান হোৱা বুলি ক’লে নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই। প্ৰতিবাদৰ নামত গুৱাহাটীত হোৱা হিংসাত্মক ঘটনাৰ লগত কুৰুৱা, গৰৈমাৰী আৰু হাতীগাঁৱৰ লোক জড়িত বুলিও মন্তব্য কৰে ATDCৰ অধ্যক্ষগৰাকীয়ে।

বিধায়ক মৃণাল শইকীয়াৰ উচতনিমূলক মন্তব্য সংবাদ মাধ্যমে দেখুৱাৰ বাবে সংবাদ মাধ্যমকো সমালোচনা কৰে জয়ন্ত মল্ল বৰুৱাই। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে গুলীচালনা, লাঠিচাৰ্জ আৰু ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াটো উচিত আছিল বুলি কয় জয়ন্ত মল্ল বৰুৱাই।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি