உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ক্ৰমাৎ প্ৰাণ পাই উঠিছে কাজিৰঙাৰ পৰ্যটন উদ্যোগে ! বহিঃৰাজ্যৰ পৰ্যটকে ভিৰ কৰিছে কাজিৰঙাত...

    ক্ৰমাৎ প্ৰাণ পাই উঠিছে কাজিৰঙাৰ পৰ্যটন উদ্যোগে ! বহিঃৰাজ্যৰ পৰ্যটকে ভিৰ কৰিছে কাজিৰঙাত...

    বিগত দুটাকৈ বছৰ ক'ভিডে জুৰুলা কৰাৰ পিছত যেন ক্ৰমাৎ স্বাভাৱিক অৱস্থা ঘূৰি আহিছে কাজিৰঙাৰ পৰ্যটন উদ্যোগলৈ। হাঁহি বিৰিঙিছে কাজিৰঙাৰ পৰ্য্যটন উদ্যোগৰ লগত জড়িত লোকসকলৰ মুখত।

    • Share this:
    বিগত দুটাকৈ বছৰ ক'ভিডে (Covid-19) জুৰুলা কৰাৰ পিছত যেন ক্ৰমাৎ স্বাভাৱিক অৱস্থা ঘূৰি আহিছে কাজিৰঙাৰ পৰ্যটন উদ্যোগলৈ (Kaziranga)। হাঁহি বিৰিঙিছে কাজিৰঙাৰ পৰ্য্যটন উদ্যোগৰ লগত জড়িত লোকসকলৰ মুখত।

    যোৱা ১ অক্টোবৰত পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ আৰু ১ নৱেম্বৰত হাতী চাফাৰী মুকলি হোৱাৰ পিছত পৰ্যটকৰ সোঁত বৈছে কাজিৰঙালৈ।অক্টোবৰ মাহৰ শেষৰ ভাগৰ পৰাই কাজিৰঙা ভৰি পৰিছে দেশীয় পৰ্যটকেৰে। বিগত বৰ্ষত ক'ভিডৰ বাবে বহিৰাজ্যৰ পৰ্যটক কাজিৰঙালৈ অহা নাছিল যদিও এইবেলি বহিঃৰাজ্যৰ পৰ্যটকেৰে ভৰিছে কাজিৰঙা। গুজৰাট,মহাৰাষ্ট্ৰ, কলিকতাৰ পৰ্যটকৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে কাজিৰঙাত।কাজিৰঙাৰ ধাবা, হোটেল, ৰেষ্টুৰেণ্ট, ল'জ সকলোতে পৰ্যটকৰ ভিৰ। এয়া কাজিৰঙাৰ পৰ্যটন উদ্যোগৰ বাবে সুখবৰ বুলি প্ৰকাশ কৰিছে হোটেল,ৰেষ্টুৰেন্টৰ ব্যৱসায়ীসকলে। আনহাতে, বহিঃৰাজ্যৰ পৰা অহা পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সেউজীয়া প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি উৎফুল্লিত হৈ পৰিছে।ক'ভিডৰ পিছত কাজিৰঙা ভ্ৰমণলৈ আহি আনন্দিত হৈ পৰিছে সকলো পৰ্যটক।
    Published by:Kokil Sarma
    First published: