• Home
  • »
  • News
  • »
  • assam
  • »
  • কাৰ তথ্য সঁচা? মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আৰোগ্য সেতু এপ নে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ?

কাৰ তথ্য সঁচা? মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আৰোগ্য সেতু এপ নে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ?

যোৱা ২৪ ঘণ্টাত ৰাজ্যত কোৰোণা আক্ৰান্তৰ সংখ্যাকলৈ উঠিছে প্ৰশ্ন!

যোৱা ২৪ ঘণ্টাত ৰাজ্যত কোৰোণা আক্ৰান্তৰ সংখ্যাকলৈ উঠিছে প্ৰশ্ন!

যোৱা ২৪ ঘণ্টাত ৰাজ্যত কোৰোণা আক্ৰান্তৰ সংখ্যাকলৈ উঠিছে প্ৰশ্ন!

  • Share this:
অসমত প্ৰকৃততে দৈনিক কিমান জন লোক আক্ৰান্ত হৈছে কোৰোণা ভাইৰাছত? এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা পৰিসংখ্যা আৰু ৰাজ্য চৰকাৰৰ পৰিসংখ্যাত তাৰতম্য দেখিবলৈ পোৱা গৈছে। আৰোগ্য সেতু মোবাইল এপত আজি পুৱা ১০ বজাত আপলোড কৰা পৰিসংখ্যা অনুসৰি অসমত ১৮ জুলাই তাৰিখে বা আপলোড কৰাৰ আগৰ ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা ২,২৭২ । কিন্তু মাজনিশা অসমৰ স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কৰা টুইট অনুসৰি জুলাইৰ ১৮ তাৰিখে অসমত নতুন আক্রান্তৰ সংখ্যা ১,১১৭ জন ।



আনহাতে অসমৰ সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জাৰি কৰা তথ্য আৰু হিমন্ত বিশ্ব শৰ্মাৰ তথ্যৰ মাজটো পাৰ্থক্য পৰিলক্ষিত হৈছে। হিমন্ত বিশ্ব শৰ্মাই মাজনিশা কৰা টুইট অনুসৰি অসমত সৰ্বমুঠ আক্রান্তৰ সংখ্যা ২২,৯৮১ জন । কিন্তু স্বাস্থ্য মন্ত্ৰণালয়ে ৱেবচাইটত জাৰি কৰা তথ্য অনুসৰি অসমত সৰ্বমুঠ আক্রান্তৰ সংখ্যা ২২,৯১৮ জন।
Published by:Himangshu Bhuyan
First published: