• Home
  • »
  • News
  • »
  • assam
  • »
  • Maternal Mortality Rate in Assam : সমগ্ৰ দেশৰ ভিতৰত প্রসূতিৰ মৃত্যুৰ শীৰ্ষত অসম, কেৰালাত সৰ্বনিম্ন 

Maternal Mortality Rate in Assam : সমগ্ৰ দেশৰ ভিতৰত প্রসূতিৰ মৃত্যুৰ শীৰ্ষত অসম, কেৰালাত সৰ্বনিম্ন 

ৰাজ্যত প্ৰতি ১ লক্ষ জন্মৰ বিপৰীতে ১৯৫গৰাকী প্রসূতিৰ মৃত্যু হয় 

ৰাজ্যত প্ৰতি ১ লক্ষ জন্মৰ বিপৰীতে ১৯৫গৰাকী প্রসূতিৰ মৃত্যু হয় 

ৰাজ্যত প্ৰতি ১ লক্ষ জন্মৰ বিপৰীতে ১৯৫গৰাকী প্রসূতিৰ মৃত্যু হয় 

  • Share this:

প্রসূতিৰ মৃত্যুৰ হাৰত (Maternal Mortality Rate)ত সমগ্ৰ দেশৰ ভিতৰতে অসমে দখল কৰিছে শীর্ষ স্থান । জন্ম দিয়েই সৰ্বাধিক মাতৃৰ মৃত্যু হয় অসমত । ৰাজ্যত প্ৰতি ১ লাখ জন্মৰ বিপৰীতে ১৯৫গৰাকী প্রসূতিৰ মৃত্যু হয়। ভাৰতৰ মহাপঞ্জীয়কে প্ৰকাশ কৰা Special Bulletin on Maternal Mortalityত পোহৰলৈ আহিছে এই তথ্য।


বিশেষ বুলেটিনখনত ২০১৮ চনৰ পৰা ২০২০ চনৰ ভিতৰত হোৱা প্রসূতিৰ মৃত্যুৰ তথ্য সন্নিৱিষ্ট হৈছে। অৱশ্যে ইয়াৰ আগৰ দুটা বছৰৰ  তুলনাত প্রসূতিৰ মৃত্যুৰ হাৰ অসমত হ্ৰাস পাইছে। ২০১৬ বৰ্ষৰ পৰা ২০১৮ বৰ্ষৰ ভিতৰত ৰাজ্যত ১ লাখ জন্মৰ বিপৰীতে ১৯৫গৰাকী প্রসূতিৰ মৃত্যু হৈছিল।


উল্লেখযোগ্য যে এই সমীক্ষাত কেৰালাই সবাতোকৈ ভাল ফলাফল প্রদর্শন কৰিছে। কেৰালাত ১৯গৰাকী প্রসূতিৰ মৃত্যু হয় । সমগ্ৰ দেশত এই শিতানত ২০১৮-২০ বর্ষত মৃত্যুৰ হাৰ হৈছে ৯৭। অর্থাৎ সমগ্ৰ দেশতে প্রতি ১ লক্ষ জন্মদাত্ৰীৰ ভিতৰতে প্ৰাণ হেৰুৱাইছে ৯৭গৰাকীয়ে । ২০১৬-২০১৮বর্ষত এই পৰিসংখ্যা আছিল ১১৩।


অসম চৰকাৰৰ স্বাস্থ্য বিভাগে এই পুতৌজনক পৰিসংখ্যাৰ বহুকেইটা কাৰণ সদৰী কৰিছে। কিশোৰী অৱস্থাত বিয়া তথা বিবাহিত মহিলাৰ  পুষ্টিকৰ খাদ্যৰ অভাৱ ইয়াৰ দুটা অন্যতম কাৰণ। অসমৰ মহিলাৰ মাজত দেখা পোৱা এনিমিয়া আৰু কম বিষয়তে গৰ্ভৱতী হোৱাৰ কাৰণেও প্রসূতিৰ মৃত্যুৰ সংখ্যা বৃদ্ধি হৈছে বুলি ক’ব বিচাৰে স্বাস্থ্য বিভাগে।


National Family Health Serviceৰ সমীক্ষাত প্ৰকাশ পোৱা মতে অসমত ৩২ শতাংশ মহিলাই আইনী বয়স হোৱাৰ আগতেই বিবাহপাশত আৱদ্ধ হয়। আনহাতে দেশত ৬০ শতাংশ মহিলা এনিমিয়াত আক্ৰান্ত। ইফালে গোৱা, তামিলনাডু, কেৰালা আদি ৰাজ্যত ১০০ শতাংশ জন্ম স্বাস্থ্য কেন্দ্ৰ বা হাস্পতালত হোৱাৰ বিপৰীতে অসমত তেনে জন্মৰ পৰিসংখ্যা ৮৪শতাংশ। অৰ্থাত্‍ এতিয়াও অসমত ১৬ শতাংশৰ জন্ম ঘৰতে হয়।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি