• Home
  • »
  • News
  • »
  • assam
  • »
  • ১ এপ্ৰিলৰ পৰা আকৌ বাঢ়িব টোলগেটৰ মাছুল। ৫খন টোল প্লাজাত মাছুল বৃদ্ধিৰ নিৰ্দেশ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণৰ। জনতাৰ মূৰত পৰিব মাধমাৰ।

১ এপ্ৰিলৰ পৰা আকৌ বাঢ়িব টোলগেটৰ মাছুল। ৫খন টোল প্লাজাত মাছুল বৃদ্ধিৰ নিৰ্দেশ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণৰ। জনতাৰ মূৰত পৰিব মাধমাৰ।

ৰহা, মদনপুৰ, মান্দাৰদিছা, মিকিৰাটি হাওগাঁও আৰু নাজিৰাখাট টোলগেটকে ধৰি ৫ টোলগেটত ৰাইজে ভৰিব লাগিব অধিক মাছুল।

ৰহা, মদনপুৰ, মান্দাৰদিছা, মিকিৰাটি হাওগাঁও আৰু নাজিৰাখাট টোলগেটকে ধৰি ৫ টোলগেটত ৰাইজে ভৰিব লাগিব অধিক মাছুল।

ৰহা, মদনপুৰ, মান্দাৰদিছা, মিকিৰাটি হাওগাঁও আৰু নাজিৰাখাট টোলগেটকে ধৰি ৫ টোলগেটত ৰাইজে ভৰিব লাগিব অধিক মাছুল।

  • Share this:
ৰাজ্যৰ ৫খন টোলগেটত ১ এপ্ৰিলৰ পৰা বৰ্ধিত হাৰত মাছুল দিব লাগিব গাড়ীৰ চালকে। নতুন নিৰিখ বলৱত কৰাৰ নিৰ্দেশেৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণে প্ৰকাশ কৰিছে বিজ্ঞাপন।

ৰহা টোলগেট, মদনপুৰ টোলগেট, মান্দাৰদিছা টোলগেট, মিকিৰাটি হাওগাঁও টোলগেট আৰু নাজিৰাখাট টোলগেটত ৰাইজে ভৰিব লাগিব অধিক মাছুল।

ৰহা টোলগেটত ব্যক্তিগত বাহনৰ মাছুল বাঢ়িল ১০ৰ পৰা ২০ টকা। ৰহা টোলগেটত সৰু গাড়ী, জীপ, ভান বা লঘু বাহনৰ চালকে বৰ্তমান এবাৰত ৮০ টকা আৰু ২৪ ঘণ্টাত অহা-যোৱা কৰিলে ভৰিব লাগে ১২০ টকা। কিন্তু নতুন নিৰিখ মতে ৰহা টোলগেটত সৰু গাড়ী, জীপ, ভান বা লঘু বাহনৰ চালকে এবাৰত ভৰিব লাগিব ১০০ টকা আৰু ২৪ ঘণ্টাত অহা-যোৱা কৰিলে ভৰিব লাগে ১৫০ টকা।

একেদৰে লঘু বাণিজ্যিক বা মালবাহী বাহনৰ নিৰিখ বাঢ়িল এবাৰত ১৩০ টকাৰ পৰা ১৬০ টকালৈ আৰু ২৪ ঘণ্টাত অহা-যোৱা কৰিলে ১৯৫ৰ পৰা ২৪০টকালৈ। একেদৰে ডাবল এক্সেল বাছ আৰু ট্ৰাকৰ নিৰিখ বাঢ়িল এবাৰত ২৭৫ৰ পৰা ৩৩৫ টকালৈ আৰু ২৪ ঘণ্টাত অহা-যোৱা কৰিলে ৪১৫ৰ পৰা ৫০৫ টকালৈ।

একেদৰে মদনপুৰ টোলগেটত ব্যক্তিগত বাহনৰ মাছুল বাঢ়িল ৫ৰ পৰা ১০ টকা। সৰু গাড়ী, জীপ, ভান বা লঘু বাহনৰ চালকে বৰ্তমান এবাৰত ১০৫ টকাৰ পৰিৱৰ্তে ভৰিব লাগিব ১১০ টকা আৰু ২৪ ঘণ্টাত অহা-যোৱা কৰিলে ১৬০ টকাৰ পৰিৱৰ্তে ভৰিব লাগিব ১৭০ টকা।

লঘু বাণিজ্যিক বা মালবাহী বাহনৰ নিৰিখ বাঢ়িল এবাৰত ১৭০ টকাৰ পৰা ১৮০ টকালৈ আৰু ২৪ ঘণ্টাত অহা-যোৱা কৰিলে ২৫৫ৰ পৰা ২৭০টকালৈ। একেদৰে ডাবল এক্সেল বাছ আৰু ট্ৰাকৰ নিৰিখ বাঢ়িল এবাৰত ৩৬০ৰ পৰা ৩৮০ টকালৈ আৰু ২৪ ঘণ্টাত অহা-যোৱা কৰিলে ৫৩৫ টকাৰ পৰা ৫৭০ টকালৈ।

ৰহা আৰু মদনপুৰ টোলপ্লাজাৰ দৰেই মান্দাৰদিছা, নাজিৰাখাট আৰু মিকিৰাটি হাওগাঁও টোলপ্লাজাটো বৃদ্ধি কৰা হৈছে মাছুল।
Published by:Manjumoni Borah
First published: