আন্তঃৰাষ্ট্ৰীয় বজাৰত হোৰাহোৰে কমিছে খাৰুৱা তেলৰ মূল্য।
আন্তঃৰাষ্ট্ৰীয় বজাৰত হোৰাহোৰে কমিছে খাৰুৱা তেলৰ মূল্য।
ৰাজ্যত ৫ টকাকৈ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য। কোৰোণা সংকটৰ কাৰণে উদ্ভৱ হোৱা বিত্তীয় সমস্যাৰ সৈতে যুঁজিবলৈ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত। সোমবাৰে বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজকোষ উদং হৈ পৰাৰ ইংগিত প্ৰদান কৰি জুন মাহৰ দৰমহা প্ৰদান কৰিবলৈ অনিশ্চয়তা থকাৰ কথা প্ৰকাশ কৰিছিল। পেট্ৰ’ল–ডিজেলৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰাৰ কথাও তেওঁ প্ৰকাশ কৰিছিল। এই ঘোষণাৰ ২৪ ঘণ্টাৰ ভিতৰতে সিদ্ধান্ত ল’লে চৰকাৰে। উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বতে দ্ৰুতগতিত অৱনমিত হৈছে খাৰুৱা তেলৰ মূল্য। সোমবাৰে প্ৰতি বেৰেলত মাইনাছ ৩৭ডলাৰৰ তললৈ নামিছিল খাৰুৱা তেলৰ মূল্য। এই সময়তে অসমত অতিৰিক্ত কৰ আৰোপ কৰি খৰছৰ জোৰা মাৰিবলৈ লোৱা হৈছে। উল্লেখযোগ্য যে, গুৱাহাটীত পেট্ৰ’লৰ মূল্য ৭১.৬১ টকা আৰু ডিজেলৰ মূল্য ৬৫.০৭ টকা।
সূত্ৰমতে ৱাইন শ্বপ খোলাৰো যো-জা চলাইছে ৰাজ্য চৰকাৰে। আনহাতে সুৰাৰ ওপৰতো অতিৰিক্ত কৰৰ ইংগিত দিছিল বিত্তমন্ত্ৰীয়ে।
Published by:Tulika Devi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|