অসমৰ প্ৰতিনিধি দলটোৱে গুজৰাটৰ পশুপালন মন্ত্ৰী গৰাকীৰ লগত অসমলৈ গিৰ গাই অনাৰ বিষয়ে আলোচনা কৰে।
অসমৰ প্ৰতিনিধি দলটোৱে গুজৰাটৰ পশুপালন মন্ত্ৰী গৰাকীৰ লগত অসমলৈ গিৰ গাই অনাৰ বিষয়ে আলোচনা কৰে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নিৰ্দেশত অসমলৈ ২০০০ গিৰ গাই অনাৰ ব্যৱস্থা গ্ৰহণৰ বাবে বিধায়ক তথা গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাৰ নেতৃত্বত অসমৰ এটা প্ৰতিনিধি দল গুজৰাটত উপস্থিত হৈ ৰাজ্যখনৰ পশুপালন মন্ত্ৰী ৰাঘৱ জি পেটেলক সাক্ষাৎ কৰে। অসমৰ প্ৰতিনিধি দলটোৱে গুজৰাটৰ পশুপালন মন্ত্ৰী গৰাকীৰ লগত অসমলৈ গিৰ গাই অনাৰ বিষয়ে আলোচনা কৰে।
উল্লেখযোগ্য যে শেহতীয়াকৈ অসম আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীৰ মাজত হোৱা এক আলোচনাত গুজৰাটৰ পৰা অসমলৈ ২০০০ গিৰ গাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু মুখ্যমন্ত্ৰীৰ এনে উদ্যোগক বাস্তৱ ৰূপ দিবলৈ গুজৰাটত গৈ উপস্থিত হোৱা অসমৰ দলটোক নেতৃত্ব দিয়া পদ্ম হাজৰিকাই গুজৰাটৰ পশুপালন মন্ত্ৰী গৰাকীৰ সৈতে আলোচনাত মিলিত হয়।
বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত তিনিদিনীয়া কাৰ্যসূচীৰে গুজৰাটত গৈ উপস্থিত হোৱা অসমৰ প্ৰতিনিধি দলটোত আছে ৰাজ্যখনৰ কৃষি সঞ্চালক বিনোদ চেচান আৰু ড০ পূৰ্ণানন্দ কোঁৱৰৰ নেতৃত্বত তিনিজনীয়া পশু চিকিৎসকৰ দল। আলোচনাৰ অন্তত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি অহা এক মাহৰ ভিতৰত ২০০ গিৰ গাই অসমলৈ অনাৰ ব্যৱস্থা কৰা হ’ব আৰু আগন্তুক মাৰ্চ মাহৰ ভিতৰত ৫০০ গিৰ গাই অসমলৈ অনা হ’ব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|