• Home
  • »
  • News
  • »
  • assam
  • »
  • মহুৱা মৈত্ৰৰ বিতৰ্কিত টুইট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ

মহুৱা মৈত্ৰৰ বিতৰ্কিত টুইট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ

সাংসদ মহুৱা মৈত্ৰই 'মিষ্টাৰ গগৈ' বুলি জনগোষ্ঠীক নহয় এজন ব্যক্তিকহে লক্ষ্য কৰি টুইট কৰিছিল : ৰিপুন বৰা 

সাংসদ মহুৱা মৈত্ৰই 'মিষ্টাৰ গগৈ' বুলি জনগোষ্ঠীক নহয় এজন ব্যক্তিকহে লক্ষ্য কৰি টুইট কৰিছিল : ৰিপুন বৰা 

সাংসদ মহুৱা মৈত্ৰই 'মিষ্টাৰ গগৈ' বুলি জনগোষ্ঠীক নহয় এজন ব্যক্তিকহে লক্ষ্য কৰি টুইট কৰিছিল : ৰিপুন বৰা 

  • Share this:
বিজনীত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই সাংসদ মহুৱা মৈত্ৰই সংসদত নিষিদ্ধ যৌন আতিশায্য শব্দৰ পৰিৱৰ্তে 'Mr Gogoi' শব্দ ব্যৱহাৰ কৰি বিতৰ্কিত টুইট কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ তেঁওৰ মতে সাংসদ মহুৱা মৈত্ৰয়ে 'Mr. Gogoi' বুলি কোনো জনগোষ্ঠীক উদ্দেশ্য কৰি কোৱা নাছিল ৷ সাংসদ মহুৱা মৈত্ৰয়ে এজন গগৈ উপাধিৰ ব্যাক্তিক টাৰ্গেট কৰি কৈছিল আৰু সেইজন ব্যক্তি ৰাজ্যসভাৰ মনোনীত সদস্য মিষ্টাৰ ৰঞ্জন গগৈ৷ ৰিপুন বৰাই ৰাজ্যত শেহতীয়া টুইটক লৈ হোৱা বিতৰ্কৰ বিষয়ে দলৰ নেত্ৰী মমতা বেনাৰ্জীক অৱগত কৰাৰ পিছত সাংসদ মৈত্ৰয়ে পুনৰ টুইট কৰি স্পষ্ট কৰি দিছে। গতিকে বিষয়টো লৈ বিতৰ্ক নতুবা হৈ-চৈ কৰাৰ কাৰণ নাই ৷ আনহাতে দলৰ নেত্ৰী সুস্মিতা দেৱে বিষয়টো লৈ বিজেপিয়ে বিতৰ্ক সৃষ্টি কৰা বুলি উল্লেখ কৰি তৃণমূল কংগ্ৰেছে অসমৰ প্ৰতিটো জনগোষ্ঠী আৰু ধৰ্মকে সন্মান কৰে বুলি মন্তব্য কৰে ৷
Published by:Subham Goswami
First published: