• Home
  • »
  • News
  • »
  • assam
  • »
  • শিক্ষা বিভাগৰ সংস্কাৰ : মুখ্যমন্ত্ৰীয়ে কেবিনেটৰ মৰ্যাদা হানি কৰিছে বুলি মন্তব্য ৰিপুণ বৰাৰ

শিক্ষা বিভাগৰ সংস্কাৰ : মুখ্যমন্ত্ৰীয়ে কেবিনেটৰ মৰ্যাদা হানি কৰিছে বুলি মন্তব্য ৰিপুণ বৰাৰ

বৃহস্পতিবাৰৰ কেবিনেটৰ সিদ্ধান্তক চৰকাৰৰ নাটক আখ্যা অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ।

বৃহস্পতিবাৰৰ কেবিনেটৰ সিদ্ধান্তক চৰকাৰৰ নাটক আখ্যা অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ।

বৃহস্পতিবাৰৰ কেবিনেটৰ সিদ্ধান্তক চৰকাৰৰ নাটক আখ্যা অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ।

  • Share this:
ৰাজ্যৰ শিক্ষা ব্যৱস্থাক সংস্কাৰৰ বাবে ড০ হিমন্ত বিশ্ব শৰ্মা কেবিনেটে বৃহস্পতিবাৰে কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেটৰ এই সিদ্ধান্তক সমালোচনা কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন সাংসদ ৰিপুণ বৰাই। ৰিপুণ বৰাৰ মতে, পূৰ্বৰে পৰা বাহাল থকা বিষয়ক পুনৰ ঘোষণা কৰি কেবিনেটৰ মৰ্যাদা লাঘৱ কৰিছে মুখ্যমন্ত্ৰীয়ে। ইফালে বদৰুদ্দিন আজমলৰ দলকো সমালোচনা কৰে ৰিপুণ বৰাই।

বৃহস্পতিবাৰৰ কেবিনেটৰ সিদ্ধান্তক চৰকাৰৰ নাটক আখ্যা অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ। ৰিপুণ বৰাৰ মতে, পূৰ্বৰে পৰা পাঠ্যক্ৰমত সন্নিবিষ্ট আছে ইংৰাজী, অসমীয়া, ভূগোল বিষয়। তেনেক্ষেত্ৰত পুনৰ সিদ্ধান্তৰে কেবিনেটৰ মৰ্যাদা হানি কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

কেবিনেটত পুনৰ সিদ্ধান্ত লৈ হিমন্ত বিশ্ব শৰ্মাই চমক সৃষ্টিৰ চেষ্টা চলাইছে বুলি কয় ৰিপুন বৰাই। শিক্ষা বিভাগত যদি সংস্কাৰৰ প্ৰয়োজন তেন্তে তাৰ বাবে মুখ্যমন্ত্ৰীও বহু পৰিমাণে দায়ী, কাৰণ তেওঁ পূৰ্বে শিক্ষা মন্ত্ৰী আছিল। ভেঞ্চাৰ স্কুলৰ শিক্ষক সকলৰ চাকৰি নিয়মীয়া কৰি তেওঁলোকৰ সমস্যাটোৰ স্থায়ী সমাধান কৰাৰ দাবী জনাই ৰিপুন বৰাই।

ইফালে, ৰাষ্ট্ৰপতি নিৰ্বাচনৰ গাড্ডাৰ সকলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতিগৰাকীয়ে। ৰিপুণ বৰাৰ মতে, বিগত ৰাজ্য সভা নিৰ্বাচনৰ পিছতে বিশ্বাসঘাতকক নাকি লগাব লাগিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰাই তেনে কাম নকৰাৰ বাবে এইবাৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পুনৰ গাড্ডাৰী কৰিবলৈ সুবিধা পালে বিশ্বাসঘাতকসকলে।

‘‘AIUDF এটা বেপাৰীৰ দল। AIUDF দলটোৱে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ সম্পূৰ্ণৰূপে ধংস কৰিলে। সংখ্যালঘু অঞ্চলৰ ৰাইজে আজমলৰ দলৰ পতন বিচাৰিছে। এইবাৰ উৎখাত হ’ব এআইইউডিএফ। AIUDF–এ বিজেপিৰ হাত শক্তিশালী কৰে। AIUDF থকালৈ অসমত বিজেপি থাকিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই অসম তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি