• Home
  • »
  • News
  • »
  • assam
  • »
  • 'সঘনে অসমলৈ অহা কেন্দ্ৰীয় মন্ত্ৰীসকল দুৰ্যোগৰ সময়তো আহিব লাগে'-বানপানীকলৈ চৰকাৰক তুলাধুনা TMC অসমৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাৰ

'সঘনে অসমলৈ অহা কেন্দ্ৰীয় মন্ত্ৰীসকল দুৰ্যোগৰ সময়তো আহিব লাগে'-বানপানীকলৈ চৰকাৰক তুলাধুনা TMC অসমৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাৰ

বাৰিষা অসমত বানপানী হ'ব পাৰে সেই কথা চৰকাৰ খনে নাজানিছিল নেকি? প্ৰশ্ন কৰে ৰিপুণ বৰাই

বাৰিষা অসমত বানপানী হ'ব পাৰে সেই কথা চৰকাৰ খনে নাজানিছিল নেকি? প্ৰশ্ন কৰে ৰিপুণ বৰাই

বাৰিষা অসমত বানপানী হ'ব পাৰে সেই কথা চৰকাৰ খনে নাজানিছিল নেকি? প্ৰশ্ন কৰে ৰিপুণ বৰাই

  • Share this:
বাৰিষা অসমত বানপানী হ'ব পাৰে সেই কথা চৰকাৰ খনে নাজানিছিল নেকি? যদি জানিছিল আগতীয়াকৈ কিয় সাজু নাছিল বুলি সংবাদমেল অনুষ্ঠিত কৰি চৰকাৰক প্ৰশ্ন কৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই।

ৰিপুণ বৰাৰ অভিযোগ বিজেপিয়ে কাজিৰঙাত ভোজ মেল, বৰ্ষপূৰ্তি আৰু বিজ্ঞাপনৰ নামত পইচা খৰচ কৰিব পাৰে কিন্তু বানপানীত ক্ষতিগ্ৰস্তক চৰকাৰে সাহাৰ্য্য দিব নোৱাৰে। ডিমা হাছাও জিলা শেষ হৈ গ'ল কিন্তু কেন্দ্ৰৰ খবৰ নাই। সঘনে অসমলৈ কেন্দ্ৰীয় মন্ত্ৰী আহিব পাৰে কিন্তু দুৰ্য্যোগৰ সময়ত পাহাৰীয়া জিলাখনলৈ যাবলৈ কাৰো সময় নাই বুলিও চৰকাৰক কটাক্ষ কৰে ৰিপুণ বৰাই।

অসমত বিপৰ্য্যয় দেখিও মুখ্যমন্ত্ৰী উৰা মাৰিছে বাংগালৰুলৈ। সেয়ে এই জনবিৰোধী চৰকাৰক ধিক্কাৰ দিছে তৃণমূল কংগ্ৰেছে। অসমৰ প্ৰতি কেন্দ্ৰৰ মাহি আইৰ দৃষ্টিক আমি সহ্য নকৰো বুলি কোৱা ৰিপুণ বৰাই TMC তিনিখন কমিটী গঠন কৰি দিয়ে। বৃহস্পতিবাৰে তৃণমূল কংগ্ৰেছৰ তিনিটা দলে বানপানীৰ ক্ষতিগ্ৰস্তৰ বুজ ল'বলৈ যাব। এটা দলে নামনি অসম, আনটো দলে মধ্য অসম আৰু এটা দলে বৰাকলৈ যাম বুলিও সংবাদ মেলত জনায় ৰিপুণ বৰাই।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি