ডিগবৈ টিংৰাইৰ গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত দুয়োজন যুৱককে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী। হীৰেন গগৈ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰা পিছতে লক্ষীপথাৰৰ পৰাই গ্ৰেপ্তাৰ কৰে আনজন যুৱক ৰঞ্জিত চাংমাইক।
সোধা-পোছাৰ বাবে ডিগবৈৰ সেনা বাহিনীৰ জিম্মাত ৰাখিছে ৰঞ্জিত চাংমাইক। আজি পুৱা প্ৰথমে লক্ষীপথাৰৰ পৰা মুনু ওৰফে হীৰেন গগৈ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছিল।
![]()
টিংৰাইত যোৱা ১৪ মে'ত দিন দুপৰতে সংঘটিত হোৱা ভয়ঙ্কৰ বিস্ফোৰণত দুজন নিহত হোৱাৰ লগতে দুজন আহত হৈছিল। বোমা বিস্ফোৰণত ব্যৱহাৰ কৰা ক'লা ৰঙৰ পালছাৰ বাইকখনো জব্দ কৰিছে আৰক্ষীয়ে।
উল্লেখ্য যে বিস্ফোৰণকাৰী যুৱকজনৰ CCTVৰ পৰা ফটো সংগ্ৰহ কৰি প্ৰকাশ কৰি সন্ধান দিওতালৈ ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল তিনিচুকীয়া আৰক্ষীয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|