আলফা স্বাধীনলৈ যুৱক-যুৱতীৰ গমন অব্যাহত আছে। এইবাৰ আলফালৈ গমন কৰিছে টিংখাঙৰ কণ্ঠশিল্পী অভিলেষ বৰাই। যোৱা ৫ মে'ৰ পৰা নিৰুদ্দেশ হৈ আছিল অভিলেষ। আলফা স্বাধীনত যোগদনাৰ কথা নিশ্চিত হোৱাৰ পুত্ৰক ঘৰলৈ উভতাই পঠিয়াবলৈ পৰেশ বৰুৱাক কাতৰ আহ্বান জনাইছে অভিলেষৰ পিতৃ-মাতৃয়ে।
অভিলেষ টিংখাঙৰ চৰাইহাবি গাঁৱৰ শিক্ষক উচ্চকমল বৰাৰ একমাত্ৰ পুত্ৰ। বন্ধুৰ জৰিয়তে পৰিয়ালৰ লোকে আলফা স্বাধীনলৈ যোৱাৰ খবৰ লাভ কৰিছে। ১৩ মে'ত অনুষ্ঠিত হ'বলগীয়া সোণোৱাল কছাৰী সাহিত্য সভাৰ অধিৱেশনত গীত পৰিবেশন কৰাৰ কথা আছিল অভিলেষে।
ইফালে গুৱাহাটী মহানগৰীৰো এজন কনিষ্ঠ অভিযন্তাই আলফাত যোগদান কৰাৰ খবৰ আহিছে। গীতা মন্দিৰৰ মানৱ ডেকা নামৰ এজন যুৱকে আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ কৰা হৈছে।
বৃহস্পতিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে যুৱকজন। বৃহস্পতিবাৰে পুৱা ৫.৩০ বজাতেই ঘৰত কাকো নোকোৱাকৈ ওলাই গৈছিল মানৱ। এটা হাফপেণ্ট আৰু টি-চাৰ্ট পিন্ধিয়েই ওলাই গৈছিল যুৱকজন।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|