সন্মুখত ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন ৷ ২২টা পৰিষদীয় সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ৩১ ডিচেম্বৰ ৷ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হিচাপে ধাৰ্য কৰা হৈছে ৩ জানুৱাৰীৰ দিনটো ৷ ২০ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ২২টা সমষ্টিৰ ১৭টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব শাসকীয় দল বিজেপিয়ে ৷
যাৰ বাবে বিজেপিয়ে মঙলবাৰে ঘোষণা কৰিলে ১৭জনীয়া প্ৰাৰ্থী তালিকা ৷ নাগাবাটত বিপুল দেউৰী, মাধপুৰত প্ৰতাপ কছাৰী, দিহিঙ্গীয়াত প্ৰকাশ শইকীয়া, তিতাবৰত বন্তী শইকীয়া, চামগুৰিত পুলক কছাৰী, বৰুৱাজানত কুমুদ কছাৰী, জালুকনীবাৰীত শ্যামল কৃষ্ণ বৰা, ঠেঙাল কমাৰগাঁৱত হৰপ্ৰভা ঠেঙাল, গেলাবিলত মৃণাল হাজৰিকা শইকীয়া, চাওদাং পথাৰত স্মৃতিৰেখা ঠেঙাল, চাওদাং পথাৰ দয়াঙত পদ্মেশ্বৰ শইকীয়া, পুব ডিক্ৰং বঙালমৰাত লেখন বৰা, (লালুক)পাভত কেশৱ নেওগ, পুব লখিমপুৰত জ্যোতি বৰা শইকীয়া, দক্ষিণ বিহপুৰীয়াত কেশৰাম বৰা, ৰূপহীগড় পাৰাত ৰাজু শইকীয়া, মেৰবিল নাহৰকটীয়াত মনদীপ বৰাক প্ৰাৰ্থিত্ব দিছে বিজেপিয়ে ৷
![]()
বিজেপিয়ে এই ১৭টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে মিত্ৰদল অসম গণ পৰিষদক জাকেই পেলোৱা হাৰমতী, বৰহোলা,কাছমাৰী,তামোলবাৰী আৰু ফুলবাৰী এই পাঁচটা সমষ্টি এৰি দিছে ৷ উল্লেখ্য যে, মঙলবাৰে লখিমপুৰত অগপ এৰি বিজেপিত যোগ দিয়া অগপৰ প্ৰাক্তন বিধায়ক কেশৰাম বৰাই বিজেপিৰ হৈ প্ৰতিদ্বন্দিতা কৰিব ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ দক্ষিণ বিহপুৰীয়া সমষ্টিৰ পৰা ৷ ইফালে ঠেঙাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি কেশৱ নেওগে মঙলবাৰে বিজেপিত যোগদান কৰি (লালুক) পাভ পৰিষদীয় সমষ্টিৰ লাভ কৰিছে টিকট ৷
উল্লেখ কৰিব পাৰি যে, ২০ জানুৱাৰীত ভোটদান হ'বলগীয়া ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা হ'ব ২২জানুৱাৰীত ৷ মঙলবাৰে হেঙেৰাবাৰীস্থিত ৰাজ্যিক কাৰ্যালয়ত সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত বিজেপিয়ে ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনৰ বাবে প্ৰস্তুত কৰিছে ৰণনীতি ৷
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseপ্ৰতিটো নিৰ্বাচনকে গুৰুত্ব সহকাৰে লোৱা বিজেপিয়ে ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনকো লৈছে গুৰুত্ব সহকাৰে ৷ বিজেপিৰ এই তৎপৰতাৰ বিপৰীতে নিৰ্বাচনক লৈ বিশেষ তৎপৰ হোৱা নাই কংগ্ৰেছ ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|