বিজেপি দলত এতিয়া ভিৰ কৰিছেহি কংগ্ৰেছ দলৰ বহুসংখ্যক জ্যেষ্ঠ নেতাই। পূৰ্বে দুৰ্নীতিপৰায়ণ আখ্যা দিয়া কংগ্ৰেছী নেতাকে এতিয়া বিজেপিয়ে আথে-বেথে দলত আদৰি লোৱা কাৰ্যত হতাশ হৈছে বিজেপিৰ একাংশ জ্যেষ্ঠ নেতা–কৰ্মী। ইতিমধ্যে জধে মধে বিজেপিয়ে মানুহ আদৰি লোৱাত নিজ দলৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল মীৰা বৰঠাকুৰে। মীৰা বৰঠাকুৰৰ পিছত এইবাৰ বিজেপিৰ জ্যেষ্ঠ নেতা, তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ আৰ পি শৰ্মাই দলৰ বিৰুদ্ধে ক্ষোভ আৰু অসন্তুষ্টি ব্যক্ত কৰে।
বিজেপিৰ শেহতীয়া কাম–কাজত হতাশ হৈ এতিয়া ৰাম প্ৰসাদ শৰ্মাই বিজেপি দল ত্যাগ কৰাৰ লৈছে চূড়ান্ত সিদ্ধান্ত। অহা ১৭ আগষ্টত বিজেপি দল ত্যাগ কৰিব ৰাম প্ৰসাদ শৰ্মাই। এই সম্পৰ্কত ৰাম প্ৰসাদ শৰ্মাই আবেগিক ভাবে কয় যে, ‘ বিজেপি এতিয়া কংগ্ৰেছৰ মানুহে চলাই আছে। হিমন্ত-যুগ আৰম্ভ হৈছে দলটোত’। ‘আমি বহু শ্ৰম কৰি, অসম ঘূৰি ডাঙৰ অট্টালিকা বনাই দিলো, এতিয়া অবৈধ বেদখলকাৰীয়ে যদি আমি বনোৱা ঘৰটো লৈ লয় লওক, আমাৰ কোনো আপত্তি নাই! আৰ এছ এছ-বিজেপি ৪০ বছৰ কৰিলো, এতিয়া এক ছেকেণ্ডো বিজেপিত থাকিব নোৱাৰো। এতিয়া বিজেপিৰ লগত মোৰ কোনো মতলব নাই, যি য’ত যায় যাওক, যি কৰে কৰক”!
উল্লেখযোগ্য যে অহা ২০ আগষ্ট তাৰিখে তেজপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাক্তন সাংসদজনে নিজৰ ৰাজনৈতিক পৰিচয় সলনি কৰাৰো বিশেষ ইংগিত প্ৰদান কৰে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 12, 2019, 18:43 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।