আজি সদৌ অসম টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদত কঁপিব গুৱাহাটী মহানগৰ!

News18-Assam
Updated:June 29, 2019, 9:42 AM IST
আজি সদৌ অসম টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদত কঁপিব গুৱাহাটী মহানগৰ!
চাকৰি নিয়মীয়াকৰণৰ দাবীত সদৌ অসম টেট শিক্ষক সন্থাই গ্ৰহণ কৰিছে দিছপুৰ চলো কাৰ্যসূচী

চাকৰি নিয়মীয়াকৰণৰ দাবীত সদৌ অসম টেট শিক্ষক সন্থাই গ্ৰহণ কৰিছে দিছপুৰ চলো কাৰ্যসূচী

  • Share this:
আজি সদৌ অসম টেট উত্তীৰ্ণ শিক্ষকে গ্ৰহণ কৰিছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। চাকৰি নিয়মীয়াকৰণৰ দাবীত সদৌ অসম টেট শিক্ষক সন্থাই গ্ৰহণ কৰিছে ‘দিছপুৰ চলো’ কাৰ্যসূচী। খানাপাৰাৰ পৰা দিছপুৰলৈ সমদল উলিয়াই প্ৰতিবাদ সাৱ্যস্ত কৰিব টেট শিক্ষকসকলে।ইতিমধ্যে প্ৰতিবাদী শিক্ষকক ৰুধিবলৈ ব্যাপক সমৰ সজ্জা আৰক্ষী প্ৰশাসন। প্ৰতিবাদী শিক্ষকক বাধা দিবলৈ নিৰ্মাণ কৰা হৈছে ১২ তাতকৈ অধিক বেৰিকেড। শুকুৰবাৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰে হোৱা বৈঠকৰ পিছতে বহুধা বিভক্ত হ'ল টেট শিক্ষক সন্থা। সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি পদৰ পৰা ৰহস্যজনকভাৱে পদত্যাগ কৰিলে পদ্মলোচন দলে। বৈঠকৰ পিছতে সদৌ অসম প্ৰাথমিক টেট উত্তীণ শিক্ষক সমাজ আন্দোলনৰ পক্ষত থকাৰ বিপৰীতে আন্দোলনৰ বিৰোধিতা কৰে ষ্টেট পুল আৰু এছ চি, এছ টি এছ'চিয়েচনে।
First published: June 29, 2019, 9:41 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading