ৰাজ্যৰ টেট উত্তীৰ্ণ শিক্ষকৰ অন্য বহু দাবী মানি লোৱাৰ প্ৰতিশ্ৰুতি মিছন সঞ্চালকৰ
ৰাজ্যৰ টেট উত্তীৰ্ণ শিক্ষকৰ অন্য বহু দাবী মানি লোৱাৰ প্ৰতিশ্ৰুতি মিছন সঞ্চালকৰ
সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ বৈঠক।
মিছন সঞ্চালকৰ সৈতে বৈঠকত মিলিত টেট শিক্ষকসকল।
এই বৈঠকৰ পিছতে টেট শিক্ষকৰ আন্দোলন প্ৰত্যাহাৰৰ সিদ্ধান্ত।
লগতে বৈঠকৰ অন্তত টেট শিক্ষকলৈ কেইবাটাও সুখবৰ।
শীঘ্ৰেই গ্ৰেড পে অনুসৰি দৰমহা পাব টেট শিক্ষকসকলৰ।
৬,৫০০ৰ পৰা ৭,৪০০ টকালৈ বৃদ্ধি পাব গ্ৰেড পে।
মাতৃত্বকালীন ছুটী লাভ কৰিব টেট শিক্ষয়িত্ৰীয়ে।
দীৰ্ঘদিনীয়া কেইবাটাও দাবী পূৰণৰ প্ৰতিশ্ৰুতি বৈঠকত।
বৰ্ধিত মৰগীয়া বানচ, গৃহ ভাট্টা দিয়াৰো আশ্বাস প্ৰদান।
ষ্টেটপুল শিক্ষকৰ আৰ অ পি অনুসৰি দৰমহা দিয়াৰ প্ৰতিশ্ৰুতি।
বৃদ্ধি পাব মৃত শিক্ষকৰ পৰিয়াললৈ এককালীন সাহায্য।
প্ৰধান শিক্ষক, বিশেষভাৱে সক্ষম শিক্ষকে সুকীয়াকৈ পাব ভাট্টা।
সেইদৰে টেট উত্তীৰ্ণ শিক্ষক সকলে মৃত শিক্ষকৰ পৰিয়ালক ১০ লাখকৈ টকাৰ আৰ্থিক সাহায্য দিবলৈ কৰা দবীক বিবেচনা কৰি চাব বুলি জনাইছে মিছন সঞ্চালকে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|