কোন দিশে ৰাজ্যৰ টেট শিক্ষকৰ ভৱিষ্যত্‍?

শনিবাৰে ৰাজ্যৰ টেট শিক্ষক সকলৰ দিশপুৰ চলো কাৰ্যসূচী

news18assam
Updated:June 28, 2019, 2:58 PM IST
কোন দিশে ৰাজ্যৰ টেট শিক্ষকৰ ভৱিষ্যত্‍?
শনিবাৰে ৰাজ্যৰ টেট শিক্ষক সকলৰ দিশপুৰ চলো কাৰ্যসূচী
news18assam
Updated: June 28, 2019, 2:58 PM IST
ৰাজ্যৰ টেট শিক্ষকসকলে এতিয়া গভীৰ অনিশ্চয়তাত দিন পাৰ কৰিছে। বৃহস্পতিবাৰে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সৈতে এখন বৈঠকত মিলিত হৈছিল ৰাজ্যৰ টেট শিক্ষক সকল। কিন্তু বৈঠকৰ পিছতে যেন এতিয়া বিভক্ত হ’ল টেট শিক্ষক সমাজ। বৈঠকখনত কোনো সিদ্ধান্তত উপনীত হ’ব নোৱাৰি প্ৰাথমিক টেট শিক্ষকৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে একাংশ। সেইদৰে সম্পাদক-একাংশৰ মইমতালিৰ অভিযোগ তুলি পদত্যাগ কৰে প্ৰাথমিক টেট উত্তীণ শিক্ষক সমাজৰ সভাপতি পদ্মলোচন দলে।

কাইলৈ টেট শিক্ষকসকলে হাতত লোৱা প্ৰতিবাদী কাৰ্যসূচীত প্ৰাথমিক টেট শিক্ষকৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষুব্ধ হৈ অংশ নোলোৱাৰো সিদ্ধান্ত লৈছে একাংশ টেট উত্তীৰ্ণ শিক্ষকে। কিন্তু এতিয়াও একাংশ শিক্ষকে কাইলৈ প্ৰতিবাদ কৰাৰ স্থিতিতেই অটল হৈ আছে।
আৰু চাওক পৰৱৰ্তী বাতৰি