உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • TET Exam: টেট পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট! ছেবাৰ কাৰ্যালয় ঘেৰাও কৰিলে টেট অনুত্তীৰ্ণ প্ৰাৰ্থীয়ে

    TET Exam: টেট পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট! ছেবাৰ কাৰ্যালয় ঘেৰাও কৰিলে টেট অনুত্তীৰ্ণ প্ৰাৰ্থীয়ে

    বিসংগতি পূৰ্ণ ফলাফলৰ অভিযোগ তুলি প্ৰথমে একাংশ পৰীক্ষাৰ্থীয়ে ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনক সাক্ষাৎ কৰিব বিচাৰিছিল যদিও অধ্যক্ষগৰাকীক সাক্ষাৎ কৰিবলৈ কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নাছিল নিৰাপত্তাৰক্ষীয়ে।

    বিসংগতি পূৰ্ণ ফলাফলৰ অভিযোগ তুলি প্ৰথমে একাংশ পৰীক্ষাৰ্থীয়ে ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনক সাক্ষাৎ কৰিব বিচাৰিছিল যদিও অধ্যক্ষগৰাকীক সাক্ষাৎ কৰিবলৈ কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নাছিল নিৰাপত্তাৰক্ষীয়ে।

    বিসংগতি পূৰ্ণ ফলাফলৰ অভিযোগ তুলি প্ৰথমে একাংশ পৰীক্ষাৰ্থীয়ে ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনক সাক্ষাৎ কৰিব বিচাৰিছিল যদিও অধ্যক্ষগৰাকীক সাক্ষাৎ কৰিবলৈ কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নাছিল নিৰাপত্তাৰক্ষীয়ে।

    • Share this:
    পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদ,চমুকৈ ছেবা। এইবাৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক টেট পৰীক্ষা পৰিচালনা কৰা ছেৱাৰ বিৰুদ্ধে গৰজি উঠিছে টেট অনুত্তীৰ্ণ প্ৰাৰ্থীসকল। প্ৰশ্নকাকতত ব্যাপক বিসংগতি থকা বুলি অভিযোগ কৰিছে প্ৰতিবাদীকাৰীসকলে। সোমবাৰে ছেবাৰ অধ্যক্ষ-সচিব,পৰীক্ষা নিয়ন্ত্ৰকৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীগ্ৰহণ কৰে একাংশ টেট অনুত্তীৰ্ণ প্ৰাৰ্থীয়ে।

    বিসংগতি পূৰ্ণ ফলাফলৰ অভিযোগ তুলি প্ৰথমে একাংশ পৰীক্ষাৰ্থীয়ে ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনক সাক্ষাৎ কৰিব বিচাৰিছিল যদিও অধ্যক্ষগৰাকীক সাক্ষাৎ কৰিবলৈ কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নাছিল নিৰাপত্তাৰক্ষীয়ে।ইয়াৰ পিছতে খঙত অগ্নি শৰ্মা হৈ পৰে পৰীক্ষাৰ্থীসকল। ফলত ছেবাৰ কাৰ্যালয়ৰ সন্মুখতে বহু সময় ধৰি পৰীক্ষাৰ্থী সকলে বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তপ্ত কৰি তোলে।

    যোৱা অক্টোবৰ মাহত অনুষ্ঠিত হোৱা টেট পৰীক্ষা পৰিচালনা কৰিবলৈ ৰাজ্য চৰকাৰে এইবাৰো দায়িত্ব দিছিল ছেবা কৰ্তৃপক্ষক। কিন্তু টেট পৰীক্ষাৰ ফলাফল প্ৰকাশৰ পিছতে এতিয়া একাংশ পৰীক্ষাৰ্থীয়ে উত্থাপন কৰিছে প্ৰশ্ন কাকতত থকা ব্যাপক বিসংগতিৰ কথা। কেইবাটাও প্ৰশ্নৰ উত্তৰক লৈ অসন্তুষ্ট হোৱা একাংশ পৰীক্ষাৰ্থীয়ে ন্যায় বিচাৰি ইতিমধ্যে কাষ চাপিছে উচ্চ ন্যায়ালয়ৰ।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

    একাংশ পৰীক্ষাৰ্থীয়ে সংবাদ মাধ্যমৰ আগত ক্ষোভ ব্যক্ত কৰি কয় যে, টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ নামত এইবাৰ ছেবা কৰ্তৃপক্ষই ৰাজ্যৰ লাখ লাখ নিৱনুৱাক প্ৰৱঞ্চনা কৰিছে।উচ্চ ন্যায়ালয়ত গোচৰ নিষ্পত্তি নোহোৱাকৈয়ে ছেৱাই ফলাফল ঘোষণা কৰাৰো অভিযোগ কৰে ক্ষুব্ধ পৰীক্ষাৰ্থীসকলে।ফলশ্ৰুতিত বিসংগতিপূৰ্ণ ফলাফলক লৈ সন্তুষ্ট নোহোৱাৰ বাবে একাংশ ছাত্ৰ-ছাত্ৰীয়ে বহী পুণৰীক্ষণ কৰাৰ বাবে দাবী জনাইছিল ছেবা কৰ্তৃপক্ষক। কিন্তু ছেবা কৰ্তৃপক্ষই কোনো সঁহাৰি নিদিয়াৰ বাবে সোমবাৰে ছেবাৰ কায্যালয়ত উপস্থিত হৈ শ শ ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ।
    Published by:Himangshu Bhuyan
    First published: