ফলাফল SEBAৰ ৱেবচাইটত উপলব্ধ হ’ব
অপেক্ষাৰ অন্ত পৰিল। কাইলৈ ঘোষণা কৰা হ’ব অসম চৰকাৰৰ শিক্ষা বিভাগে আয়োজন কৰা টেট পৰীক্ষাৰ ফলাফল। উচ্চ প্ৰথমিক আৰু নিম্ন প্ৰাথমিক শিক্ষক নিযুক্তিৰ বাবে অনুষ্ঠিত হোৱা টেট পৰীক্ষাৰ ফলাফল SEBAৰ ৱেবচাইটত চাব পৰা হ’ব। তথ্য অনুসৰি কাইলৈ পুৱাৰ ভাগতে ৱেবচাইটত উপলব্ধ হ’ব পৰীক্ষাৰ ফলাফল। উল্লেখযোগ্য় যে, হৈ যোৱা টেট পৰীক্ষাত, নিম্ন প্ৰাথমিকত উত্তীৰ্ণ হৈছে প্ৰায় ১৮,৯০০ জন পৰীক্ষাৰ্থী। আনহাতে উচ্চ প্ৰাথমিকত উত্তীৰ্ণ হৈছে প্ৰায় ১৫,৩০০ পৰীক্ষাৰ্থী।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|