কাইলৈ বহু প্ৰত্যাশিত টেট পৰীক্ষা, পৰীক্ষাৰ্থীলৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা

News18-Assam
Updated:November 9, 2019, 3:27 PM IST
কাইলৈ বহু প্ৰত্যাশিত টেট পৰীক্ষা, পৰীক্ষাৰ্থীলৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা
Source-Google

সংবাদমেলযোগে ছেবাৰ অধ্যক্ষ আৰ চি জৈনে জনালে এই কথা

  • Share this:
দেওবাৰে অনুষ্ঠিত হ’ব বহু প্ৰত্যাশীত টেট পৰীক্ষা। ৰাজ্যৰ মুঠ ৫৮৭টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা। টেট পৰীক্ষাৰ বাবে শিক্ষা বিভাগৰ ফালৰ পৰা দিয়া হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশনা।এইবাৰ পৰীক্ষা হলতহে প্ৰশ্ন টোপোলা খুলিব পাৰিব নিৰীক্ষকে। সেইদৰে পৰীক্ষা কেন্দ্ৰত নিৰীক্ষকেও ব্যৱহাৰ কৰিব নোৱাৰিব ম’বাইল ফোন। পৰীক্ষা যাতে সুচাৰু ৰূপত অনুষ্ঠিত হৈ যায়, সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্ধাৰিত কৰা ৫০–৬০ শতাংশ পৰীক্ষা কেন্দ্ৰত ব্যৱহাৰ কৰা হ’ব জামাৰ। লগতে কোনেও যাতে পৰীক্ষাত অসৎ উপায় অবলম্বন কৰিব নোৱাৰে তাৰ বাবে চোকা দৃষ্টি ৰাখিব বিভাগটোৱে। এই কথা জনালে ছেবাৰ অধ্যক্ষ আৰ চি জৈনে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading