অসমৰ টেনিছ তাৰকা টানিশা কাশ্যপে কঢ়িয়াইছে আশাৰ ৰেঙণি, চুক্তিবদ্ধ হ’ল বিশ্বৰ আগশাৰীৰ দলত

News18 Assam | News18-Assam
Updated:July 12, 2020, 7:06 PM IST
অসমৰ টেনিছ তাৰকা টানিশা কাশ্যপে কঢ়িয়াইছে আশাৰ ৰেঙণি, চুক্তিবদ্ধ হ’ল বিশ্বৰ আগশাৰীৰ দলত
কোৰোণাৰ মাজতে অসমৰ ক্ৰীড়া ক্ষেত্ৰখনৰ বাবে ভালখবৰ

কোৰোণাৰ মাজতে অসমৰ ক্ৰীড়া ক্ষেত্ৰখনৰ বাবে ভালখবৰ

  • Share this:
কোৰোণাৰ মাজতে অসমৰ ক্ৰীড়া ক্ষেত্ৰখনৰ বাবে ভালখবৰ। অসমৰ আন্তঃৰাষ্ট্ৰীয় টেনিছ চাঞ্চল্য টানিশা কাশ্যপ চুক্তিবদ্ধ হ’ল আমেৰিকাৰ বিশ্ব বিখ্যাত অহিঅ’ ষ্টেট ইউনিভাৰ্চিটি ডিভিজন ৱান কলেজ টেনিছত। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেখুওৱা দুৰ্দান্ত প্ৰদৰ্শনৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰত বিগত দুবছৰ ধৰি কঠোৰ অনুশীলনত বৰ্তী হৈ আছে অসমৰ সফল টেনিছ খেলুৱৈগৰাকী।

ভৱিষ্যতে ছিনিয়ৰ মহিলাৰ বিশ্বৰ এক নম্বৰ স্থানৰ খেলুৱৈ আৰু গ্ৰেণ্ড শ্লাম খিতাপ জয় কৰিব বিচৰা অসমৰ টানিছাই জুনিয়ৰ পৰ্য্যায়ত আটাইকেইটা শাখাতে ভাৰতবৰ্ষৰ চেম্পিয়নশ্বীপ খিতাপ অৰ্জন কৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰত থাকি কঠোৰ অনুশীলনেৰে ভৱিষ্যতে পেছাদাৰী খেলত অংশগ্ৰহণ কৰিব বিচৰা টানিশাই ইতিমধ্যে সান্নিধ্য লাভ কৰিছে বিখ্যাত প্ৰশিক্ষক গাবি জেৰেমিলো, ফিটনেছ ট্ৰেইনাৰ  ইভান গেৱেৰিৰো, কানাডাৰ মহিলা খেলুৱৈ লেইলা আন্নি ফাৰ্ণাণ্ডেজ আৰু জাপানৰ নাটচুমি কাৱাগুচ্চিৰ। সম্প্ৰতি ফ্লৰিডাত থকা অসমৰ সফল আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ গৰাকীক অভিনন্দন জনাইছে অসম টেনিছ সন্থাৰ সাধাৰণ সম্পাদক অংকুশ দত্তই।
Published by: Himangshu Bhuyan
First published: July 12, 2020, 7:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading