অসমৰ চাহ বাগিছাৰ শ্ৰমিকৰ বাবে 20 শতাংশ বোনাচঃ পূজাৰ আগতে নগদ বোনাচ দিয়াৰ দাবী চাহ মজদুৰ সংঘৰ

মহামাৰী সংকটৰ সময়ত চাহ বাগানৰ উৎপাদন ২৫-৩০ শতাংশ হ্ৰাস পাইছে৷ চাহ বাগান সমূহত বৰ্তমান ২০ শতাংশও বোনাচ দিয়াৰ অৱস্থাত নাই ৷
মহামাৰী সংকটৰ সময়ত চাহ বাগানৰ উৎপাদন ২৫-৩০ শতাংশ হ্ৰাস পাইছে৷ চাহ বাগান সমূহত বৰ্তমান ২০ শতাংশও বোনাচ দিয়াৰ অৱস্থাত নাই ৷
- News18 Assam
- Last Updated: September 13, 2020, 2:38 PM IST
‘আমি চাহ উদ্যোগ সমূহক দুৰ্গা পূজাৰ তিনি সপ্তাহৰ আগতেই ২০ শতাংশ বোনাচ দিবলৈ কৈছো ৷ তেওঁলোকে এবাৰতে সকলো ধন প্ৰদান কৰিব লাগিব তাকো নগদ দিব লাগিব ৷ আমি বিচৰা নাই যে, বোনাচ শ্ৰমিকসকলৰ বেংক একাউণ্টত জমা হোৱাটো, কাৰণ বহু সংখ্যক শ্ৰমিকৰে বেংক একাউণ্ট নাই।’ এইদৰে কয় অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক ৰূপেশ গোৱলাই ৷
অসম চাহ মজদুৰ সংঘই, ভাৰতীয় টি এচ'ছিয়েছন অসম শাখা, অসম টি প্লেণ্টাৰ্ছ কমিটী, নৰ্থ ইষ্টাৰ্ণ টি এচ'ছিয়েছন, ভাৰতীয় চাহ পৰিষদ আৰু টি এচ'ছিয়েছন ইণ্ডিয়ালৈ এই সম্পৰ্কত এখন পত্ৰ লিখিছে ৷
অসমৰ চাহ উদ্যোগ সমূহ ল’ক ডাউনৰ প্ৰথমটো পৰ্যায়ত চিজনৰ প্ৰথমখিনি সময় ক্ষতিগ্ৰস্ত হৈছিল যাৰ ফলত চাহ উদ্যোগৰ উৎপাদন ২৫-৩০ শতাংশ হ্ৰাস পায় ৷ পৰৱৰ্তী সময়ত দ্বিতীয়টো চিজনৰ সময়ত প্ৰচুৰ বৃষ্টিপাত আৰু বানপানীৰ ফলত যথেষ্ট হ্ৰাস পায় চাহৰ উৎপাদন ৷
কোৰোণা মহামাৰীৰৰ ফলত চাহ বাগিছা সমূহৰ উৎপাদন ২৫-৩০ শতাংশ হ্ৰাস পাইছে ৷ চাহ বাগিছা সমূহে ২০ শতাংশ বোনাচ দিয়াৰ পৰিস্থিতিত নাই বৰ্তমান ৷ তেওঁলোকে এক অনুকূল পৰিস্থিতিত অৱস্থান কৰিব লাগিব। এইদৰে কয়, টি বৰ্ড অৱ ইণ্ডিয়াৰ সঞ্চালক প্ৰভাত কমল বেজবৰুৱাই ৷
২০১২ চনত অসম চাহ কৰ্পৰেছন লিমিটেডসহ বহুকেইখন চাহ বাগিছাক অসম চৰকাৰে দুৰ্গা পূজাৰ বোনাচ ২০ শতাংশ প্ৰদান কৰাৰ কথা কৈছিল, সেই সময়ত চাহ বাগিছা সমূহে চৰকাৰক জনাইছিল তেওঁলোকৰ অৱস্থাৰ কথা ৷