মহানগৰীৰ লালমাটিতস্থিত নিধি ভৱনত নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠান আয়োজন কৰে ৰাজ্য চৰকাৰে।
মহানগৰীৰ লালমাটিতস্থিত নিধি ভৱনত নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠান আয়োজন কৰে ৰাজ্য চৰকাৰে।
ৰাজ্যত বৃদ্ধি হৈছে নিবনুৱা, কৰ্ম সংস্থাপন বা চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাইছে শিক্ষিত যুৱক–যুৱতীসকলে। ২০২১ চনত চৰকাৰ গঠন কৰিয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল এক লাখ যুৱক–যুৱতীক চাকৰি প্ৰদান কৰিব। সেই প্ৰতিশ্ৰুতি মৰ্মে প্ৰতিটো বিভাগকক নিৰ্দেশ দিছিল। প্ৰতিটো বিভাগৰ দৰে অসম চাহ শ্ৰমিক ভৱিষ্যনিধি বিভাগত নিযুক্তি দিলে ২৫ জনকৈ যুৱক–যুৱতীক।
মহানগৰীৰ লালমাটিতস্থিত নিধি ভৱনত নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠান আয়োজন কৰে ৰাজ্য চৰকাৰে। অসম চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ কনিষ্ঠ সহায়ক পদত নিযুক্তি দিয়ে ২৫ জন যুৱক–যুৱতীক। নিযুক্তি পত্ৰ প্ৰদান কৰে শ্ৰম কল্যাণ মন্ত্ৰী সঞ্জয় কিষানে।
বিভাগীয় মন্ত্ৰীগৰাকীয়ে নিযুক্তিপ্ৰাপ্ত যুৱক–যুৱতীসকলক আগন্তুক দিনসমূহত সততা আৰু নিস্থাৰে কাৰ্যালয়ত কৰ্ম সম্পাদিত কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে চাহ বাগিচাসমূহৰ ভিতৰ ভাগত গৈ প্ৰতিটো কথাই বুজ ল’বলৈ নিৰ্দেশ দিয়ে। হাতত নিযুক্তিপত্ৰ পাই উৎফুল্লিত হৈ পৰে যুৱক–যুৱতীসকল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|