• Home
  • »
  • News
  • »
  • assam
  • »
  • ভাৰতৰ বিৰুদ্ধে পুনৰ চীনৰ গভীৰ ষড়যন্ত্ৰ! চীনৰ ষড়যন্ত্ৰৰ বাবে গভীৰ সংকটত পৰিছে অসমৰ চাহ উদ্যোগ

ভাৰতৰ বিৰুদ্ধে পুনৰ চীনৰ গভীৰ ষড়যন্ত্ৰ! চীনৰ ষড়যন্ত্ৰৰ বাবে গভীৰ সংকটত পৰিছে অসমৰ চাহ উদ্যোগ

দেশৰ ৰপ্তানি ব্যৱস্থাটোক প্ৰভাৱিত কৰিবলৈ চীনে ৰচিছে বিশেষ কুট–কৌশল আৰু তাৰ ব্যাপক প্ৰভাৱ পৰিছে অসমৰ চাহ উদ্যোগত।

দেশৰ ৰপ্তানি ব্যৱস্থাটোক প্ৰভাৱিত কৰিবলৈ চীনে ৰচিছে বিশেষ কুট–কৌশল আৰু তাৰ ব্যাপক প্ৰভাৱ পৰিছে অসমৰ চাহ উদ্যোগত।

দেশৰ ৰপ্তানি ব্যৱস্থাটোক প্ৰভাৱিত কৰিবলৈ চীনে ৰচিছে বিশেষ কুট–কৌশল আৰু তাৰ ব্যাপক প্ৰভাৱ পৰিছে অসমৰ চাহ উদ্যোগত।

  • Share this:
চীনৰ ষড়যন্ত্ৰৰ বাবে গভীৰ সংকটৰ সন্মুখীন হৈছে অসমৰ চাহ উদ্যোগ। বিদেশৰ পৰা অৰ্থডক্স চাহৰ বহু অৰ্ডাৰ থকাৰ পিছতো অসমৰ চাহ বিদেশলৈ ৰপ্তানি কৰিব পৰা নাই চীনৰ ষড়যন্ত্ৰৰ বাবে। এই ঘটনাই অসমৰ চাহ উদ্যোগীসকলৰ লগতে চাহ ব্যৱসায়ৰ লগত জড়িত লোকসকলক গভীৰ সংকটত পেলাইছে।

দেশৰ ৰপ্তানি ব্যৱস্থাটোক প্ৰভাৱিত কৰিবলৈ চীনে ৰচিছে বিশেষ কুট–কৌশল আৰু তাৰ ব্যাপক প্ৰভাৱ পৰিছে অসমৰ চাহ উদ্যোগত। চীনৰ ষড়যন্ত্ৰৰ বাবে গভীৰ সংকটৰ সন্মুখীন হৈছে অসমৰ চাহ উদ্যোগ। ইৰাণ, আমেৰিকাৰ দৰে বিদেশী ৰাষ্ট্ৰৰ পৰা বহু অৰ্ডাৰ থকাৰ পিছটো অসমৰ পৰা চাহ ৰপ্তানি কৰিব পৰা নাই বন্দৰসমূহত কণ্টেইনাৰৰ অভাৱ হোৱা বাবে। কাৰণ জাহাজেৰে সামগ্ৰী ৰপ্তানি কৰিবলৈ ব্যৱহাৰ কৰা কণ্টেইনাৰৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰিছে চীনে।

কলকাতা, ওড়িশাৰ দৰে দেশৰ পূব প্ৰান্তৰ বন্দৰসমূহত ব্যাপক নাটনি হৈছে কণ্টেইনাৰৰ। চীনে বহু কণ্টেইনাৰ এই বন্দৰসমূহৰ পৰা লৈ গৈ নিজৰ বন্দৰসমূহত জমা কৰি থৈছে। ফলত ভাৰতৰ বন্দৰসমূহত নাটনি হৈছে কণ্টেইনাৰৰ। কণ্টেইনাৰৰ অভাৱৰ বাবে বিশাল পৰিমাণৰ অৰ্ডাৰ থকাৰ পিছতো অসমৰ বহু চাহ বাগিচাৰ চাহ এক্সপৰ্টাৰসকলে এইবাৰ ৰপ্তানি কৰিবলৈ সক্ষম হোৱা নাই।

অসমৰ চাহ উদ্যোগে সন্মুখীন হোৱা শেহতীয়া এই সমস্যা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভাৰতীয় চাহ বৰ্ডে। চীনে এনেধৰণে কণ্টেইনাৰসমূহ জমা কৰি থৈ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি ভাৰতৰ ৰপ্তানি ব্যৱস্থাটোক প্ৰভাৱিত কৰাৰ ষড়যন্ত্ৰ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ভাৰতীয় চাহ ব’ৰ্ডৰ অধ্যক্ষ প্ৰভাত কমল বেজবৰুৱাই।

"ভাৰতৰ পূব প্ৰান্তৰ বন্দৰসমূহত সৃষ্টি হোৱা কণ্টেইনাৰৰ নাটনিয়ে অসমৰ চাহৰ ব্যৱসায়ত অলপ নহয় বহুত প্ৰভাৱ পেলাইছে। চীনে এই বন্দৰসমূহৰ পৰা খালী কণ্টেইনাৰসমূহো ওভতাই লৈ গৈছে আৰু নিজৰ বন্দৰসমূহত জমা কৰি ৰাখিছে। ফলত আমি ইৰান, আমেৰিকাৰ পৰা  বহু অৰ্ডাৰ থকাৰ পিছতো চাহপাত ৰপ্তানি কৰিব পৰা নাই। চীনে এনেদৰে কণ্টেইনাৰৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি ভাৰতৰ ৰপ্তানি ব্যৱস্থাটোক প্ৰভাৱিত কৰাৰ ষড়যন্ত্ৰ কৰা বুলি আমি ভাবিছো।,"  ভাৰতীয় চাহ ব’ৰ্ডৰ অধ্যক্ষ প্ৰভাত কমল বেজবৰুৱাই এনেদৰে কয়।

ইতিমধ্যে চাহ উদ্যোগীসকলে চৰকাৰক বিষয়টো অৱগত কৰি দেশৰ পশ্চিম প্ৰান্তৰ বন্দৰসমূহৰ পৰা চাহ ৰপ্তানিৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে। কাৰণ মহাৰাষ্ট্ৰ, গুজৰাটৰ বন্দৰসমূহত কণ্টেইনাৰৰ বিশেষ নাটনি হোৱা নাই। দেশৰ পশ্চিম প্ৰান্তৰ বন্দৰসমূহৰ পৰা আফ্ৰিকাৰ দেশসমূহৰ লগত বাণিজ্য চলে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে বিশেষ ব্যৱস্থা হাতত নল’লে ব্যাপক লোকচানৰ সন্মুখীন হ’ব অসমৰ চাহ উদ্যোগীসকল।
Published by:Sanjay Kumar Das
First published: