অসমৰ চাহৰ বিশ্ব অভিলেখ, ১ কিলোগ্ৰাম চাহ বিক্ৰী হ’ল ৭৫ হাজাৰ টকাত

পূৰ্বে ৭০,৫০০ টকা মূল্যৰে অভিলেখ গঢ়িছিল মাইজান গ’ল্ডেন চাহে।

News18-Assam
Updated:August 13, 2019, 11:07 AM IST
অসমৰ চাহৰ বিশ্ব অভিলেখ, ১ কিলোগ্ৰাম চাহ বিক্ৰী হ’ল ৭৫ হাজাৰ টকাত
পূৰ্বে ৭০,৫০০ টকা মূল্যৰে অভিলেখ গঢ়িছিল মাইজান গ’ল্ডেন চাহে।
News18-Assam
Updated: August 13, 2019, 11:07 AM IST
অভিলেখৰ পিছত অভিলেখ অসমৰ চাহৰ। অসমৰ চাহৰ অভিলেখৰ হেটট্ৰিক। মনোহৰী, মাইজানৰ পিছত ডিকম চাহ বাগিচাৰ অভিলেখ। এক কিলোগ্ৰাম ডিকম গ’ল্ডেন বাটাৰফ্লাই চাহ বিক্ৰী হ’ল ৭৫ হাজাৰ টকাত। ডিকম গ’ল্ডেন বাটাৰফ্লাই চাহ বৰ্তমান বিশ্বৰ আটাইতকৈ দামী চাহৰূপে পৰিগণিত হৈছে। মঙলবাৰে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত ৭৫ হাজাৰ টকাত বিক্ৰী হ’ল এক কিলোগ্ৰাম ডিকম চাহ। পূৰ্বে ৭০,৫০০ টকা মূল্যৰে অভিলেখ গঢ়িছিল মাইজান গ’ল্ডেন চাহে। সেই অভিলেখ ভংগৰে সম্প্ৰতি নতুন বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয় ডিকম গ’ল্ডেন বাটাৰফ্লাই চাহে।
আৰু চাওক পৰৱৰ্তী বাতৰি