உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অন্ধবিশ্বাস ! ডাইনী সজাই লাঠীৰে কোবাই কোবাই হত্যা কৰিলে এজন লোকক। উদ্ধাৰ কৰিবলৈ যোৱা আৰক্ষীকো আক্ৰমণ একাংশৰ।

    অন্ধবিশ্বাস ! ডাইনী সজাই লাঠীৰে কোবাই কোবাই হত্যা কৰিলে এজন লোকক। উদ্ধাৰ কৰিবলৈ যোৱা আৰক্ষীকো আক্ৰমণ একাংশৰ।

    তামুলপুৰৰ কুমাৰীকাটাত ভয়ংকৰ ঘটনা। ডাইনী সন্দেহত এজনক মৰিয়াই মৰিয়াই হত্যা স্থানীয় একাংশ লোকৰ। আৰক্ষীৰ বাহনতো আক্ৰমণ।

    তামুলপুৰৰ কুমাৰীকাটাত ভয়ংকৰ ঘটনা। ডাইনী সন্দেহত এজনক মৰিয়াই মৰিয়াই হত্যা স্থানীয় একাংশ লোকৰ। আৰক্ষীৰ বাহনতো আক্ৰমণ।

    তামুলপুৰৰ কুমাৰীকাটাত ভয়ংকৰ ঘটনা। ডাইনী সন্দেহত এজনক মৰিয়াই মৰিয়াই হত্যা স্থানীয় একাংশ লোকৰ। আৰক্ষীৰ বাহনতো আক্ৰমণ।

    • Share this:
    বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্ৰুত অগ্ৰসৰৰ যুগটো বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কুমাৰীকাটাৰ বৈগুৰীবাৰী গাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত আঙাৰকাটাৰ বৈগুৰীবাৰীত এজন লোকক ডাইনী সজাই একাংশ লোকে হত্যা কৰে।

    সোমবাৰে দিনৰ ভাগত একাংশ লোকে সভা পাতি ডাইনী সজাই লাঠীৰে কোবাই কোবাই হত্যাৰ চেষ্টা চলাই এজন লোকক। খবৰ পায়ে কুমাৰীকাটা আৰক্ষী চকীৰ আৰক্ষীৰ দল উপস্থিত হয় ঘটনাস্থলীত আৰু আৰক্ষীৰ উপস্থিত হোৱাৰ পিছত অধিক উত্তেজিত হৈ পৰে গাঁওখনৰ একাংশ লোক।

    আৰক্ষীয়ে বীৰেণ বড়ো নামৰ লোকজনক উদ্ধাৰ কৰি লৈ অহাৰ সময়তে স্থানীয় লোকে আৰক্ষী বিষয়া নিলভজ্যোতি নাথক আক্ৰমণ কৰাৰ লগতে আৰক্ষী বিষয়াগৰাকীৰ গাড়ীতো শিলগুটি আৰু লাঠীৰে আক্ৰমণ কৰি গাড়ীখনৰ বিস্তৰ ক্ষতি সাধন কৰে।
    লোকজনক আৰক্ষীয়ে উদ্ধাৰ কৰি কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসাধীন অৱস্থাত বীৰেন বড়ো নামৰ লোকজনৰ মৃত্যু হয়। আনপিনে
    একাংশ উদণ্ড লোকে বীৰেন বড়োৰ ঘৰ-দুৱাৰ ভাঙি পেলায়। বীৰেন বড়োৰ পৰিয়ালৰ আন সদস্যসকলে কথমপি প্ৰাণ ৰক্ষা কৰি পলায়ন কৰিবলৈ সক্ষম হয়।

    খবৰ পাই তামুলপুৰ মহকুমা আৰক্ষী বিষয়া অসীমা কলিতা, তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপেন কলিতা, দণ্ডাধীশ ৰূপকমল ৰাভা পুনৰ উপস্থিত হয় ঘটনাস্থলীত।
    তাৰ পিছতে একাংশ লোকে দণ্ডাধীশৰ উপস্থিতিতে পুনৰ আৰক্ষীক আক্ৰমণ কৰে আৰু তাৰ পিছতে অধিক উত্তেজনাই বিৰাজ কৰে সমগ্ৰ গাঁওখনত। ফলত আৰক্ষীয়ে উন্মত্ত লোকসকলক ছত্ৰভংগ দিয়াবলৈ লাঠীচালনা কৰে।ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ৫জনক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে।
    Published by:Kokil Sarma
    First published: