জলপৰী শিৱাংগী শৰ্মাই সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰীক, মুখ্যমন্ত্ৰীয়ে দিলে গুৰুত্বপূৰ্ণ পৰামৰ্শ

News18 Assam | News18-Assam
Updated:February 10, 2020, 8:13 PM IST
জলপৰী শিৱাংগী শৰ্মাই সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰীক, মুখ্যমন্ত্ৰীয়ে দিলে গুৰুত্বপূৰ্ণ পৰামৰ্শ
শিৱাংগীৰ পৰৱৰ্তী লক্ষ্য অলিম্পিক গেমছ

শিৱাংগীৰ পৰৱৰ্তী লক্ষ্য অলিম্পিক গেমছ

  • Share this:
গুৱাহাটীত অনুষ্ঠিত হোৱা  তৃতীয় বৰ্ষৰ ৰাষ্ট্ৰীয় খেলো ইণ্ডিয়া য়ুথ গেমছত ৫টা স্বৰ্ণ পদক অৰ্জন কৰি অভিলেখ সৃষ্টি কৰা জলপৰী শিৱাংগী শৰ্মাই সোমবাৰে সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী তথা অসম অলিম্পিৰ সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালক।

সদ্য সমাপ্ত গুৱাহাটীৰ খেলো ইণ্ডিয়াত পাঁচটা স্বৰ্ণপদক বিজয়ী শিৱাংগীক ভৱিষ্যতে খেলুৱৈ জীৱনৰ পৰিকল্পনা যুগুত কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে। শিৱাং গীয়ে যি পৰিকল্পনা যুগুত কৰে তাতে চৰকাৰে সহায় কৰিব বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। প্ৰয়োজনত অনুশীলনৰ বাবে বিদেশত পঠাবলৈও সাজু চৰকাৰ।

সোমবাৰে সন্ধিয়া শিবাংগীয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎৰ সময়ত অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ আৰু শিবাংগীৰ পিতৃ প্ৰাৰ্থ শৰ্মা আৰু মাতৃ আৰাধনা শৰ্মাও উপস্থিত আছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি