"অসমত বিজেপিৰ বিকল্প হব তৃনমূল কংগ্ৰেছ, আমিয়ে বিজেপিক হৰুৱাব পাৰিম" এই মন্তব্য সুস্মিতা দেৱৰ।
"অসমত বিজেপিৰ বিকল্প হব তৃনমূল কংগ্ৰেছ, আমিয়ে বিজেপিক হৰুৱাব পাৰিম" এই মন্তব্য সুস্মিতা দেৱৰ।
গুৱাহাটীত উপস্থিত হৈয়েই ভাৰতীয় জনতা পাৰ্টীৰ সমালোচনাত মুখৰ হৈ পৰে ৰাজ্য সভাৰ সাংসদ সুস্মিতা দেৱ। মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে বুধবাৰৰ দলৰ অসমৰ তৃণমূল কংগ্ৰেছৰ এক যোগদান কাৰ্য্যসূচীৰ বাবে মঙলবাৰে গুৱাহাটীত আহি উপস্থিত হয়।
গুৱাহাটীত উপস্থিত হোৱাৰ সময়তে নিউজ ১৮ ৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাত সুস্মিতা দেৱে কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত বহুত পাৰ্থক্য আছে বুলি কয়। সুস্মিতা দেৱে অসমতো তৃণমূল কংগ্ৰেছৰ শক্তিশালী সংগঠন কৰিব বুলি নিউজ১৮ ক জনায়। সুস্মিতা দেৱৰ মতে কংগ্ৰেছে তেওঁৰ পৰিয়ালক বহুত দিছে আৰু তেওঁলোকেও দলটোক বহুত দিছে। কংগ্ৰেছৰ ভুল সিদ্ধান্তৰ বাবে দলটোক জনসাধাৰণে ভোট দিব নিবিচাৰে বুলিও কয় ৰাজ্য সভাৰ সাংসদ গৰাকীয়ে। "অসমত বিৰোধী শূন্য বাবেই সেয়ে আমি অসমত TMC ক শক্তিশালী কাৰিম" কলে সুস্মিতা দেৱে। মমতা বেনাৰ্জীয়ে বংগত বিজেপিক হৰুৱাইছে কিন্তু কেজৰিৱালে বিজেপিক পৰাস্ত কৰা নাই বুলি যুক্তি দি মমতা বেনাৰ্জীক সৰ্বভাৰতীয় নেত্ৰী আখ্যা দিয়ে সুস্মিতা দেৱে। ইফালে কংগ্ৰেছক বিজেপিয়ে নিয়ন্ত্ৰণ কৰি আছে বুলি কোৱা সুস্মিতা দেৱে বিজেপিৰ ৰিমটত এআইইউডিএফ চলে বুলি কয়। অসমত কংগ্ৰেছৰ শক্তিৰ কথা গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, আব্দুল খালেকে কব পাৰিব বুলি কয় কংগ্ৰেছৰ প্ৰাক্তন লোক সভাৰ সাংসদ গৰাকীয়ে। "অসমত বিজেপিৰ বিকল্প হ'ব তৃণমূল কংগ্ৰেছ, আমিয়ে বিজেপিক হৰুৱাব পাৰিম" এই মন্তব্য কৰে বাকপটু নেত্ৰী গৰাকীয়ে। মুখ্যমন্ত্ৰীক বিভাজনৰ ৰাজনীতি নকৰিবলৈ সকিয়াই দিয়া সুস্মিতা দেৱে অসম গণ পৰিষদকো বিজেপিৰ সংখ্যালঘু গোট আখ্যা দিয়ে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|