Covid মহমাৰীৰ ফলত সৃষ্টি হোৱা জটিল সামাজিক পৰিস্থিতিৰ মাজত অসমত ৩২৪৩জন লোকে বাছি ল’লে আত্মহত্যাৰ পথ । ২০২০বৰ্ষৰ এই পৰিসংখ্যা ২০১৯বর্ষতকৈ ৩৬শতাংশ অধিক । আনহাতে সমগ্ৰ দেশতে আত্মহত্যা কৰা লোকৰ সংখ্যা হৈছে ১,৫৩,০৫২জন । ১৯৬৭চনৰ পিছত ২০২০বৰ্ষত সৰ্বাধিক লোকে এই পথ বাছি লৈছে । অনুপাতৰ হিচাপৰ পৰাও ২০২০বছৰৰ পৰিসংখ্যা যোৱা ১০বছৰত সৰ্বাধিক । ২০২০বর্ষত প্ৰতি ১লক্ষ জনসংখ্যা মাজত ১১.৩জন লোকে নিজৰ প্রাণ লোৱাৰ বিপৰীতে ২০১০বর্ষত প্ৰতি ১ লাখজনৰ ১১.৪জন লোকে এই পথ বাছি লৈছিল । অতি সম্প্রতি প্রকাশ পোৱা National Crime Record Bureauৰ The Annual Deaths and Crime Record Bureauৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য ।
প্ৰতিবেদনত প্ৰকাশ পোৱা মতে অসমত ফাঁচী লাগি আত্মহত্যা কৰা লোকৰ সংখ্যাই সৰ্বাধিক । সৰ্বমুঠ ২৩০৩জন লোকে ফাঁচী লাগি প্ৰাণ ত্যাগ কৰিছে । ইয়াৰ বিপৰীতে শ্লীপিং টেবলেট খাই মাৰিছে ৪৩জন, পানীত পৰি আত্মহত্যা কৰিছে ২৮৯জনে, নিজক জ্বলাই দিছে ১৪জনে, নিজক গুলী মাৰি মৃত্যু বৰণ কৰিছে ১১জনে, বিষাক্ত দ্ৰব্য গ্ৰহণ কৰি প্রাণ লৈছে ৪২৮জনে, জঁপিয়াই মৰিছে ১৮৭জন আৰু বৈদ্যুতিক তাৰ স্পর্শ কৰি আত্মহত্যা কৰিছে ৮জন ।
২০২০বর্ষত ২৩৩৭জন পুৰুষে আত্মহত্যা কৰাৰ বিপৰীতে ৯০৬গৰাকী মহিলাই এই পথ বাছি লৈছে । উল্লেখযোগ্য যে, সমগ্র দেশতে শিক্ষাৰ্থী আৰু ক্ষুদ্ৰ উদ্যোগীয়ে সৰ্বাধিক আত্মহননৰ পথ বাছি লৈছে । আত্মহত্যা কৰা লোকৰ ২১শতাংশই স্কুল আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ।
সমগ্ৰ দেশৰ ভিতৰতে আত্মহত্যাৰ তালিকাৰ শীৰ্ষত আছে মহাৰাষ্ট্ৰ । মহাৰাষ্ট্ৰত ২০২০বর্ষত ১৯৯০৯জন লোকে আত্মহত্যা কৰাৰ বিপৰীতে, তামিলনাডু ১৬৮৮৩টা আত্মহত্যাৰ ঘটনাৰে দ্বিতীয় স্থানত আছে ।
এতিয়া প্ৰশ্ন হয় মহামাৰী নিয়ন্ত্ৰণ কৰিবলৈ ঘোষণা কৰা তলাবন্ধৰ ফলত বৃদ্ধি পাইছে নেকি আত্মহত্যা ? পৰিসংখ্যা বিশ্লেষকসকলৰ মতে ই অন্যতম কাৰণ । বিদ্যালয়, মহাবিদ্যালয় সমূহ বন্ধ হোৱাৰ ফলত আৰম্ভ হৈছিল অনলাইন পাঠদান । কিন্তু কেন্দ্ৰীয় চৰকাৰৰে প্রকাশ কৰা তথ্য অনুসৰিয়েই দেশৰ ৩কোটি শিক্ষাৰ্থীৰ হাতত নাই কম্পিউটাৰ কিম্বা মোবাইল ফোন । স্বাভাৱিকতে শিক্ষাৰ বঞ্চিত হোৱাৰ ফলত মানসিক চাপত ভুগিছিল ছাত্ৰ সমাজৰ বুজন সংখ্যক । অনুৰূপ ধৰণে ভিন্ন-ভিন্ন কাৰণত মানসিক চাপ অনুভৱ কৰিছিল সমাজৰ প্ৰতিটো বর্গৰ লোকে । যাৰ ফলস্বৰূপে একাংশই আত্মহত্যাৰ পথ বাছি লৈছিল ।
Published by: Kokil Sarma
FIRST PUBLISHED : November 01, 2021, 17:48 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।