‘সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্বই খোজ কাঢ়িলেই অসমত শান্তি নাহে, থকা ৰক্ষাকৱচ চিৰদিনৰ কাৰণে নোহোৱা কৰিলে বিজেপি চৰকাৰে’

News18 Assam | News18-Assam
Updated:December 29, 2019, 12:53 PM IST
‘সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্বই খোজ কাঢ়িলেই অসমত শান্তি নাহে, থকা ৰক্ষাকৱচ চিৰদিনৰ কাৰণে নোহোৱা কৰিলে বিজেপি চৰকাৰে’
জাগীৰোডৰ সভাৰ বাবে এখন পাৰ্বত্য জিলাৰ পৰা ১০০ খন বাছত মানুহ আনিছিল বিজেপিয়ে। ভাড়াতীয়া মানুহ আনি সমদল কৰিছে বিজেপিয়েঃ আছু

জাগীৰোডৰ সভাৰ বাবে এখন পাৰ্বত্য জিলাৰ পৰা ১০০ খন বাছত মানুহ আনিছিল বিজেপিয়ে। ভাড়াতীয়া মানুহ আনি সমদল কৰিছে বিজেপিয়েঃ আছু

  • News18 Assam
  • Last Updated: December 29, 2019, 12:53 PM IST
  • Share this:
শ্বহীদ ন্যাসত সদৌ অসম ছাত্ৰ সন্থাৰ সংবাদমেল। ৰাজ্যত অব্যাহত থকা নাগৰিকত্ব সংশোধনী আইন বিৰোধী কাৰ্যসূচী পৰৱৰ্তী সময়ত কিদৰে আগুৱাই নিয়া হ’ব, সেই সম্বন্ধে সংবাদমেলত সদৰী কৰে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই।

কাৰ্যসূচী অনুসৰি

৩১ ডিচেম্বৰ, ১ জানুৱাৰীত 'কা' বিৰোধী সংকল্প-ঘৰে ঘৰে সংকল্প। প্ৰতিটো পৰিয়ালে নিজৰ নিজৰ পৰিয়ালৰ সদস্যসকলক লগত লৈ কা বিৰোধী সংকল্প ল'বলৈ আহ্বান।

৩১ ডিচেম্বৰৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ কাৰ্যসূচীলৈ সমৰ্থন।

১ জানুৱাৰীত 'কা' বিৰোধী আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই পদূলি, অঞ্চলত বন্তি প্ৰজ্বলন। লগতে গাঁৱে গাঁৱে, অঞ্চলে অঞ্চলে সভা, পদযাত্ৰা, প্ৰতিবাদী সভা চলাই থাকিবলৈ আহ্বান।

৩ জানুৱাৰীত জিলা, মহকুমা, সদৰত জোঁৰ লৈ সমদল। নিশা ৮ বজাৰ ভিতৰত সাব্যস্ত কৰা হ'ব এই প্ৰতিবাদ।

৯ জানুৱাৰীত ৰণশিঙা। থলুৱা বাদ্য বজাই ৰণশিঙাত অংশ ল'বলৈ আহ্বান।

খেলো ইণ্ডিয়াত প্ৰধানমন্ত্ৰী অসমলৈ আহিলে প্ৰতিবাদ হ'ব।

১১ জানুৱাৰীত সমগ্ৰ অসমৰ প্ৰতিটো অঞ্চলতে জোৰ লৈ সমদল।

১৩, ১৪ জানুৱাৰীত উৰুকা, মেজিৰ জুইত 'কা' দাহ কৰা হ'ব।

১৭ জানুৱাৰীত শিল্পী দিৱস উপলক্ষে সংগীতৰ মাজেৰে হ'ব প্ৰতিবাদ।

সংবাদমেলত  বিজেপি চৰকাৰৰ শেহতীয়া কাম–কাজক কঠোৰ ভাষাৰে সমালোচনা কৰে আছুৰ নেতৃত্বই। সংবাদ মেলত আছুৰ নেতৃত্বই কয় যে,

‘গুলীয়াই ছাত্ৰক হত্যা কৰাৰ পিছত শান্তি সমদল কৰিছে বিজেপিয়ে। শান্তি সমদল কৰাৰ নৈতিক অধিকাৰ তেওঁলোকৰ নাই। সৰ্বানন্দ সোনোৱাল, হিমন্ত বিশ্বই খোজ কাঢ়িলেই অসমত শান্তি নাহে।’

সংবাদমেলত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধেও আক্ৰমণাত্মক হৈ পৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। তথ্য সহ এক গুৰুতৰ অভিযোগ উত্থাপিত কৰি ভট্টাচাৰ্যই কয় যে, ‘অসমত আছিল ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা মাত্ৰ কার্যকৰীহে হোৱা নাছিল। কিন্তু ১১ ডিচেম্বৰ' ২০১৯তেই এই ব্যৱস্থা অসমৰ বাবে নোহোৱা কৰি দিয়া হ'ল। তথ্যসহ আছুৱে দাঙি ধৰে এই বিষয়ে সবিশেষ।

সংবাদমেলত আছুৰ নেতৃত্বই চৰকাৰক সমালোচনা কৰি লগতে কয় যে, 

এইখন অসম বিদেশীৰ ধৰ্মশালা নহয়।

৭১'ৰ পিছত হিন্দু-মুছলমান কোনো বিদেশীকেই নামানো।

এফালে NRC খন নস্যাৎ কৰিছে চৰকাৰে। আনফালে NRC ৰ তথ্য চুৰি কৰি ৰাইজক বিভ্ৰান্ত কৰিছে।

৪ লাখ, ৫ লাখৰ সংখ্যা ক'ত পালে চৰকাৰে?

ভাড়াতিয়া মানুহ আনি সমদল কৰিছে বিজেপিয়ে।

জাগীৰোডৰ সভাৰ বাবে এখন পাৰ্বত্য জিলাৰ পৰা ১০০ খন বাছত মানুহ অনা হৈছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি